মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী বহুত। প্ৰায় প্ৰতিদিনে অনুৰাগীৰ সৈতে তেওঁৰ ভিডিঅ' ভাইৰেল হৈ থাকে। শেহতীয়াকৈ পুনৰ এটা ভিডিঅ' ভাইৰেল হৈছে। য'ত এজন যুৱকে বুকুত মুখ্যমন্ত্ৰীৰ ছবি অঁকা দেখা হৈছে। মুখ্যমন্ত্ৰীয়ে যুৱকজনৰ বুকুত চহী কৰি দিয়াৰ লগতে তেওঁক কেতিয়াবা গুৱাহাটীত সাক্ষাৎ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে কোনো সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত এই যুৱকজনক দেখা পায়।