প্ৰায় ১১ কোটি টকা মূল্যৰ নিষিদ্ধ দ্ৰব্যসহ আৰক্ষীৰ জালত বৰপেটাৰ দুই যুৱক…
সমগ্ৰ ৰাজ্যত চলিছে ভোগালী বিহুৰ প্ৰস্তুতি। ইয়াৰ মাজতে আজি বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্য জব্দ কৰে আৰক্ষীয়ে। লগতে আটক কৰে সৰবৰাহকাৰীক। আমিনগাঁৱত জব্দ নিষিদ্ধ দ্ৰব্য।
ভোগালী বিহুৰ প্ৰাকমুহূৰ্তত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযান কামৰূপ আৰক্ষীৰ। আমিনগাঁৱত জব্দ ১১ কোটি টকা মূল্যৰ হেৰ’ইন। ৯৭ টাকৈ চাবোনৰ বাকচত উদ্ধাৰ ১ কেজি ৩৫৮ গ্ৰাম ড্ৰাগছ। কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান। আটক কৰা হৈছে বৰপেটাৰ আনোৱাৰ হুছেইন কাজি আৰু আমিনুল চিকদাৰ নামৰ দুই সৰবৰাহকাৰী।
ড্ৰাগছ সৰবৰাহত ব্যৱহৃত AS 23 AD 6626 নম্বৰৰ থাৰ আৰু AS 01 GN 7404 নম্বৰৰ মাৰুটি জিমনি বাহনখন জব্দ কৰে আৰক্ষীয়ে। বাহন দুখনত গোপন চেম্বাৰ বনাই লুকুৱাই আনিছিল বুজন পৰিমাণৰ হেৰ’ইনখিনি। মণিপুৰৰ পৰা নামনি অসমলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল বৃহৎ পৰিমানৰ ড্ৰাগছখিনি। কিন্তু আৰক্ষীয়ে সকলোখিনি জব্দ কৰে।
Latest Videos
