উপকাৰী মগু দাইলো এইসকল লোকৰ বাবে হ’ব পাৰে ক্ষতিকাৰক

13 Jan 2026

TV9 ASSAM

প্ৰটিন আৰু ভিটামিন  সমৃদ্ধ মগু দাইল স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও কিছুমান বিশেষ ৰোগীৰ বাবে ই বিহসদৃশ হ’ব পাৰে।

মগু দাইল

যদি আপুনি প্ৰায়ে গেছ, বদহজম বা পেট ফুলা সমস্যাত ভোগে, তেন্তে মগু দাইল পৰিত্যাগ কৰক। ই আপোনাৰ হজম প্ৰক্ৰিয়াত অধিক ব্যাঘাত জন্মাব পাৰে।

পেটৰ সমস্যা

মগু দাইলে শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গতিকে গাঁঠিৰ বিষ বা ইউৰিক এচিড থকা লোকে এই দাইল খোৱাৰ পৰা বিৰত থকা উচিত।

ইউৰিক এচিড

পুষ্টিবিদৰ মতে যিসকল লোকৰ ৰক্তচাপ সদায় নিম্ন হৈ থাকে, তেওঁলোকে মগু দাইল বেছিকৈ খালে সমস্যা বৃদ্ধি পাব পাৰে।

নিম্ন ৰক্তচাপ

মগু দাইলে তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। সেয়েহে যিসকলৰ দেহত চেনিৰ মাত্ৰা ইতিমধ্যে কম, তেওঁলোকৰ বাবে ই বিপদজনক হ’ব পাৰে।

ল’ ব্লাড চুগাৰ

পুষ্টিবিদ মমতা শৰ্মাৰ মতে, মগু দাইল পুষ্টিকৰ হ’লেও শৰীৰৰ প্ৰয়োজন আৰু ৰোগৰ লক্ষণ চাইহে ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত।

বিশেষজ্ঞৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক 

পিঁয়াজ আৰু নহৰু একেলগে খালে দেহত কি ঘটে?