শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শীতকালত ডায়েবেটিছ ৰোগীয়ে নকৰিব এই ভুল! জানক এইমছৰ চিকিৎসকৰ পৰা…

Diabetes: আজিকালি বহু লোক ডায়েবেটিছৰ সমস্যাত ভোগে। শীতকালত এই ৰোগ বৃদ্ধি হোৱা দেখা যায়। গতিকে এই সময়চোৱাত স্বাস্থ্যৰ বিশেষ যত্ন লোৱা দৰকাৰ। এই সন্দৰ্ভত সবিশেষ জনাইছে এইমছৰ চিকিৎসকে।

শীতকালত ডায়েবেটিছ ৰোগীয়ে নকৰিব এই ভুল! জানক এইমছৰ চিকিৎসকৰ পৰা…
ডায়েবেটিছImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 12 Jan 2026 21:57 PM

শীতকালত ডায়েবেটিছ (Diabetes) ৰোগীসকলে স্বাস্থ্যৰ বিশেষ যত্ন লোৱা প্ৰয়োজন। এই সময়চোৱাত শাৰীৰিক কাৰ্যকলাপ কমি যায়, ইয়াৰ বিপৰীতে খাদ্য, জীৱনশৈলী আদিত পৰিবৰ্তন আহে। যাৰ বাবে চুগাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে এইমছৰ এণ্ড’ক্ৰাইন’লজী বিভাগৰ অধ্যাপক ড০ ৰাজেশ খাডগাৱাটে। তেওঁ কয় যে, শীতকালত তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি পায়। গতিকে সাৱধানতাৰ প্ৰয়োজন।

চিকিৎসকগৰাকীয়ে কয যে,ডায়েবেটিছ ৰোগীয়ে সপ্তাহত কমেও ২-৩ বাৰ উপবাস আৰু খাদ্য খোৱাৰ পাছত চুগাৰৰ মাত্ৰা পৰীক্ষা কৰিব লাগে। এনে ৰোগীয়ে ঘৰত কিছু ব্যায়াম কৰিবও লাগে। ঘৰতে ষ্ট্ৰেচিং, যোগাসন আদি কৰিলে শৰীৰে সকাহ পায়। এনে অৱস্থাত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখাত সহায় হয়।

মিঠাই নাখাব

ডাঃ ৰাজেশে কয় যে, শীতকালত বহুতে মিঠা খাবলৈ বিচাৰে। কিন্তু ডায়েবেটিছ ৰোগীয়ে মিঠাৰ পৰা আঁতৰি থাকিব লাগে। মিঠা খালে চুগাৰৰ মাত্ৰা হঠাতে বৃদ্ধি পাব পাৰে, যি স্বাস্থ্যৰ বাবে অপকাৰী। ইয়াৰোপৰি ফাষ্টফুড, বেছি তেল-মচলাযুক্ত খাদ্য, ভজা খাদ্য আদি পৰিহাৰ কৰিব লাগে। মুঠতে যি খাদ্যই চুগাৰ বৃদ্ধি কৰিব পাৰে তেনে খাদ্য পৰিহাৰ কৰক। ইয়াৰ সলনি খাদ্যত অধিক প্ৰটিন আৰু ভিটামিন অন্তৰ্ভুক্ত কৰক।

পানী

চিকিৎসকগৰাকীয়ে আৰু কয় যে, ঠাণ্ডাৰ সময়ত মানুহে কম পানী খায়। কিন্তু এয়া ঠিক নহয়। গতিকে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। কুহুমীয়া পানী খোৱা ভাল। যদি বেছি পানী খাব বেয়া পাই তেন্তে গ্ৰীণ টি আৰু অন্যান্য অনুৰূপ পানী খাব পাৰে, যিয়ে শৰীৰ হাইড্ৰেট কৰিব পাৰে। ইয়াৰ লগতে কয় যে, নিজাববীয়াকৈ কোনো ঔষধ সেৱন কৰিব নালাগে। যিকোনো ঔষধ সেৱন কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

 

 

অন্য খবৰ পঢ়কঃ পানী কমকৈ খাই নেকি? হ’ব পাৰে শৰীৰৰ এই ডাঙৰ সমস্যা, জানক চিকিৎসকৰ পৰা…