শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসানত শোক প্ৰকাশ মন্ত্ৰী বিমল বৰাৰ

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসানত শোক প্ৰকাশ মন্ত্ৰী বিমল বৰাৰ

Monjit Dutta
Monjit Dutta | Published: 13 Jan 2026 14:39 PM

প্ৰয়াত শিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জনায় মন্ত্ৰী বিমল বৰাই। শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে লগতে আন এক বিশেষ খবৰ সদৰী কৰিছে। এই বিষয়ে জানিবলৈ চাওক ভিডিঅ’।

আজি ভোগালীৰ উৰুকাৰ দিনটোতে শোকস্তব্ধ হৈ পৰে সমগ্ৰ ৰাজ্য। পুৱাৰ ভাগতে অসমৰ সাংস্কৃতিক জগতক উকা কৰি চিৰদিনলৈ চকু মুদে অসমৰ বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাই। তেওঁৰ বিয়োগৰ খবৰে অসমবাসীক শোকাকুল কৰি তুলিছে। বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই। সমৰ হাজৰিকাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে কেবিনেট মন্ত্ৰীগৰাকী শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হয়।

প্ৰয়াত শিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জনায় মন্ত্ৰী বিমল বৰাই। শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে লগতে আন এক বিশেষ খবৰ সদৰী কৰিছে। এই বিষয়ে জানিবলৈ চাওক ভিডিঅ’…