ইউৰিক এচিডৰ সমস্যাৰ পৰা ৰক্ষা পৰিব আপুনি, মাত্ৰ মানি চলক এনে অভ্যাস
ইউৰিক এচিডৰ ফলত গাঁঠিৰ বিষ হয় যদিও সমান্তৰালকৈ ই দেহৰ শক্তি, টোপনি আৰু দৈনন্দিন জীৱনতো প্ৰভাৱ পেলায়। সেয়ে এই সমস্যাৰ পৰা দেহক সুৰক্ষা দিয়াটো অতি প্ৰয়োজনীয় হৈ পৰে। এইক্ষেত্ৰত কিছু অভ্যাস হৈ পৰে উপকাৰী। জানো আহক এই বিষয়ে।
বৰ্তমান সময়ত কিছুমান ৰোগৰ সমস্যা অত্যন্ত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে সমস্যাসমূহৰ ভিতৰত ইউৰিক এচিড অন্যতম। দেহত পিউৰিন ভাঙি যোৱাৰ ফলত এই ইউৰিক এচিড উৎপন্ন হয়। সাধাৰণতে ইউৰিক এচিড তেজৰ সোঁতৰ মাজেৰে বৃক্কলৈ যায় আৰু প্ৰস্ৰাৱৰ জৰিয়তে নিৰ্গত হয়। কিন্তু দেহত অতিৰিক্তভাৱে ইউৰিক এচিড জমা হ’লে বা বৃক্কই সঠিকভাৱে এয়া নিৰ্গত কৰিব নোৱাৰিলে তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়। এনে অৱস্থাক হাইপাৰইউৰিচেমিয়া বুলি কোৱা হয়।
দেহত ইউৰিক এচিডৰ মাত্ৰা অধিক হ’লে শৰীৰ গধুৰ হোৱা, ভাগৰুৱা বা ফুলি উঠাৰ দৰে অনুভৱ হ’ব পাৰে। ইউৰিক এচিডৰ ফলত গাঁঠিৰ বিষ হয় যদিও সমান্তৰালকৈ ই দেহৰ শক্তি, টোপনি আৰু দৈনন্দিন জীৱনতো প্ৰভাৱ পেলায়। সেয়ে এই সমস্যাৰ পৰা দেহক সুৰক্ষা দিয়াটো অতি প্ৰয়োজনীয় হৈ পৰে। এইক্ষেত্ৰত কিছু অভ্যাস হৈ পৰে উপকাৰী। জানো আহক এই বিষয়ে।
পুৱা পানী খাওক
পানীয়ে বৃক্কক ইউৰিক এচিড ফিল্টাৰ কৰাত সহায় কৰে। পুৱা গৰম পানী খালে হজম শক্তি উন্নত হয়, ফলত পৰোক্ষভাৱে ইউৰিক এচিডৰ সমস্যাও হ্ৰাস পায়। পুৱাৰ লগতে দিনটোত পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে, কিন্তু অত্যধিক পানীও দেহৰ বাবে ক্ষতিকাৰক।
লঘু আহাৰ
নিশা গধুৰ আহাৰ গ্ৰহণ কৰিলে বিপাকীয় ক্ৰিয়াৰ ওপৰত চাপ বৃদ্ধি পায় আৰু শৰীৰত অধিক ইউৰিক এচিড জমা হয়। সেয়ে নিশা শাক-পাচলি, দাইল, চূপৰ সৈতে লঘু আহাৰ খালে হজম শক্তি ভাল হয় আৰু পেটে সঠিকভাৱে কাম কৰিব পাৰে।
খাদ্য খোৱাৰ পিছত খোজ কঢ়াৰ অভ্যাস
খাদ্য খোৱাৰ পিছত ১০-১২ মিনিট সময় লাহে লাহে খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ দ্বাৰা হঠাতে চুগাৰ বৃদ্ধি হোৱাৰ দৰে সমস্যা ৰোধ হয় আৰু ইউৰিক এচিডৰ উৎপাদন হ্ৰাস পায়। এই সহজ অভ্যাসে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে, প্ৰদাহ কমায়, টোপনিও উন্নত কৰে।
জিৰণি লওক
খাদ্য খোৱাৰ পিছত জিৰণি লওক। নিশাৰ আহাৰ আৰু পুৱাৰ আহাৰৰ মাজত ১০-১২ ঘণ্টা ব্যৱধানে বৃক্কক ইউৰিক এচিড পৰিষ্কাৰ কৰিবলৈ সময় দিয়ে। এনে ব্যৱধানে শৰীৰত অতিৰিক্ত চাপ সৃষ্টি নকৰাকৈ প্ৰদাহ, ইনচুলিনৰ প্ৰতিক্ৰিয়া, ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰে।
অধিক ফাইবাৰযুক্ত খাদ্য
ইউৰিক এচিডৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ ফাইবাৰযুক্ত খাদ্যৰ পৰিমাণ বৃদ্ধি কৰা প্ৰয়োজনীয়। ফাইবাৰে দেহক পেটত থকা অতিৰিক্ত ইউৰিক এচিড মলৰ যোগেদি বাহিৰ কৰাত সহায় কৰে, ইয়াৰ ফলত বৃক্কৰ ওপৰত বোজা হ্ৰাস পায়।
কম ফ্ৰুক্ট’জযুক্ত ফল
আম, আঙুৰ, লিচু আদি ফলত ফ্ৰুক্ট’জৰ পৰিমাণ অধিক। এনে ফলে ইউৰিক এচিড বৃদ্ধি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে অমিতা, জামু, কমলা, তৰমুজ আদি ফল-মূল খাব লাগে।