শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচীৰ বাবে ৰিপুণ বৰাৰ নেতৃত্বত ডিমা হাছাওলৈ যাত্ৰা

‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীৰ বাবে ৰিপুণ বৰাৰ নেতৃত্বত ডিমা হাছাওলৈ যাত্ৰা

barasha-misra
Barasha Misra | Published: 19 Dec 2025 15:29 PM

নতুন বৰ অসম গঢ়াৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ প্ৰতিখন গাঁৱলৈ যাব কংগ্ৰেছ নেতৃত্ব। আগন্তুক বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ যি "ৰাইজৰ ইস্তাহাৰ" (People's Manifesto)-ত এই সকলো সমস্যা প্ৰতিফলিত কৰা হ'ব।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে ঘোষণা কৰা “ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ” শীৰ্ষক কাৰ্যসূচীৰ শুভ উদ্বোধন হয়। আজি ৰাজীৱ ভৱনৰ পৰা কৰা হয় এই উদ্বোধন। প্ৰথম পৰ্যায়ত মোৰ নেতৃত্বত ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা লগতে দ্বিতীয় পৰ্যায়ত নগাওঁ, মৰিগাঁও আৰু হোজাই জিলাত দলীয় সতীৰ্থ মীৰা বৰঠাকুৰ, বিধায়ক নুৰুল হুদা সহঃ এটা ১১ জনীয়া দলে এই ঠাইসমূহলৈ ৰাওঁনা হৈছে।

নতুন বৰ অসম গঢ়াৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ প্ৰতিখন গাঁৱলৈ যাব কংগ্ৰেছ নেতৃত্ব। আগন্তুক বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ যি “ৰাইজৰ ইস্তাহাৰ” (People’s Manifesto)-ত এই সকলো সমস্যা প্ৰতিফলিত কৰা হ’ব।