শেহতীয়াকৈ এছ আই টিয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিছে। এই চাৰ্জশ্বীট বিৰোধিয়ে দুৰ্বল বুলি কৈছে। এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিৰোধিয়ে কেনেকৈ জানিলে? ন্যায়াধীশে ক'লে নেকি? তেওঁলোকে পঢ়িলে ক'ৰ পৰা, দেখিলে ক'ৰ পৰা। ন্যায়াধীশেহে ক'ব । আপুনি মই কেনেকৈ কম? বিৰোধিৰ জ্ঞান নাই তেওঁলোকৰ প্ৰশ্নৰ পৰা প্ৰমাণ পোৱা যায়। উল্লেখ্য যে, ১২ ডিচেম্বৰত দাখিল হৈছে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট।