সমাগত অসম বিধানসভা নিৰ্বাচন। ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনকৈ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুত আৰম্ভ কৰিছে। ইয়াৰ মাজতে আসন সন্দৰ্ভত মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, আসন সন্দৰ্ভত একো নকও। অসমৰ ৰাইজে যি দিয়ে তাতেই সন্তুষ্ট হ'ম। কিন্তু চৰকাৰ বিজেপিৰ হ'ব সেয়া খাটাং। উল্লেখ্য যে, এতিয়ালৈকে নিৰ্বাচনৰ সময় প্ৰকাশ হোৱা নাই যদিও প্ৰতিটো দলে নিজা নিজা প্ৰস্তুতি চলাই গৈছে।