শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শিৱসাগৰৰ শোকাৱহ দুৰ্ঘটনাৰ পৰা ভিবিজি ৰাম জী বিধেয়কলৈ, দিনটোৰ শীৰ্ষ খবৰ

শিৱসাগৰৰ শোকাৱহ দুৰ্ঘটনাৰ পৰা ভিবিজি ৰাম জী বিধেয়কলৈ, দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 18 Dec 2025 22:30 PM

আজি পুৱাই শিৱসাগৰ জিলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। শিৱসাগৰৰ ভটীয়াপাৰ অঞ্চলৰ ৰূপহীমুখত এখন ড্ৰাম্পাৰ আৰু এখন চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষত অতি মৰ্মান্তিকভাৱে প্ৰাণ হেৰুৱালে এটি দম্পতীয়ে। এই দুৰ্ঘটনাত আহত হয় গাড়ীখনৰ চালক আৰু মৃত দম্পতীৰ কন্যা শিশুটি।

আজি পুৱাই শিৱসাগৰ জিলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। শিৱসাগৰৰ ভটীয়াপাৰ অঞ্চলৰ ৰূপহীমুখত এখন ড্ৰাম্পাৰ আৰু এখন চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষত অতি মৰ্মান্তিকভাৱে প্ৰাণ হেৰুৱালে এটি দম্পতীয়ে। এই দুৰ্ঘটনাত আহত হয় গাড়ীখনৰ চালক আৰু মৃত দম্পতীৰ কন্যা শিশুটি। দুৰ্ঘটনাত নিহত লোক দুগৰাকীক ক্ৰমে বিপুল হাতীমূৰীয়া আৰু নমিতা চেতিয়া বুলি চিনাক্ত কৰা হৈছে। এই শোকাৱহ ঘটনাই সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে।

লোকসভাত গৃহীত হ’ল ভিবিজি ৰাম জী বিধেয়ক। বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে ধ্বনি ভোটত গৃহীত হয় বিধেয়কখন। বিৰোধীয়ে উক্ত বিধেয়কখনৰ প্ৰতিলিপি ফালি দলিয়াই দিয়াৰ লগতে সদনত তীব্ৰ হুলস্থুলৰ সৃষ্টি কৰে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে কংগ্ৰেছে কেতিয়াও গান্ধীজীৰ কথা শুনা নাছিল। কংগ্ৰেছে MNREGAক সম্পূৰ্ণৰূপে দুৰ্নীতিৰ ওচৰত আত্মসমৰ্পণ কৰিছিল বুলিও কয় মন্ত্ৰীগৰাকীয়ে। দিনটোৰ আন কেইটামান গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে চাওক ভিডিঅ’…