December 19, 2025
TV9 ASSAM
অত্যধিক মদ্যপান, বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে বৰ্তমান মানুহৰ মাজত লিভাৰ ৰোগৰ হাৰ বৃদ্ধি পাইছে। লিভাৰ ৰোগৰ উপশম পাবলৈ বা সুস্থ ৰাখিবলৈ এই পাঁচটা কথাত গুৰুত্ব দিয়ক।
কেৱল ফিট হৈ থকাই নহয়, লিভাৰ সুৰক্ষিত ৰাখিবলৈও সুস্থ ওজন বজাই ৰখাটো জৰুৰী। শৰীৰত কাৰ্বহাইড্ৰেট-প্ৰটিন-চৰ্বিৰ সঠিক ভাৰসাম্য থকাটো নিতান্তই প্ৰয়োজনীয়।
যকৃতৰ ৰোগৰ সম্ভাৱনা কম কৰিব বিচাৰিলে ওজনৰ লগতে তেজৰ চুগাৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ।
যিসকলে ঘণ্টাৰ পিছত ঘণ্টা একে ঠাইতে বহি থাকিব লাগে, তেওঁলোকে কমেও আধা ঘণ্টা খোজ কাঢ়িবলৈ সময় উলিয়াব লাগিব। যকৃত সুস্থ কৰি ৰাখিবলৈ খোজ কঢ়াৰ অভ্যাস কৰক।
সামান্য বিষৰ বাবে বিষনাশক ঔষধ সেৱন কৰাৰ অভ্যাস বহুতৰে আছে। এই ঔষধবোৰে লিভাৰৰ ক্ষতি কৰিব পাৰে।
যকৃতৰ ক্ষতি ৰোধ কৰিবলৈ প্ৰথমে মদ্যপান বন্ধ কৰা উচিত। ঘৰুৱা হওক বা বিদেশী হওক, মদ জাতীয় যিকোনো ধৰণৰ পানীয়ৰ পৰা আঁতৰি থাকিব লাগে।
এই প্ৰতিবেদন বিভিন্ন উৎসৰ তথ্যৰ ভিত্তিত কেৱল শিক্ষাৰ বাবে প্ৰস্তুত কৰা হৈছে। স্বাস্থ্যজনিত যিকোনো পৰামৰ্শ চিকিৎসকৰ পৰা গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক