December 19, 2025
TV9 ASSAM
শীতকালত প্ৰায়ে মূৰ বিষৰ সমস্যা হয়। বহুতে মূৰৰ বিষ হ’লে প্ৰথমে আদাৰ চাহ বা কফি খায়। যদি সকাহ নাপায় তেতিয়া বিষনাশক ঔষধ খায়। যিটো অতি বিপদজনক হ’ব পাৰে।
এই সমস্য়াৰ পৰা তৎক্ষণাত উপশম পাবলৈ বহুতে ঘৰুৱা উপায় বিচাৰি থাকে। যদি মূৰৰ বিষ হয় তেতিয়া আপুনি কৰিব?
মূৰৰ বিষ বা বিষ হ’লে একাপ কুহুমীয়া পানী খাব লাগে। বহু সময়ত বদহজমৰ ফলত মূৰৰ বিষ হয়। গৰম পানী খালে সেই বিষ কমি যাব।
কম্পিউটাৰৰ সন্মুখত বহি বহু সময় কাম কৰাৰ অভ্যাস থাকিলে মাজে মাজে উঠিব। চকুত পানী দিয়ক। অবিৰতভাৱে মোবাইল ফোনত চকু নাৰাখিব।
ইউকেলিপ্টাছ তেল আৰু পদিনা তেলেৰে মূৰত মালিচ কৰিলে মাইগ্ৰেইনৰ বিষৰ পৰা উপশম পোৱা যায়। বাহিৰলৈ ওলাই যোৱাৰ সময়ত বেগত আৱশ্যকীয় তেল ৰাখক।
মূৰৰ বিষৰ সময়ত ঠাণ্ডা কম্প্ৰেছে বহুত কাম কৰে। পৰিষ্কাৰ কপাহী কাপোৰেৰে বৰফ মেৰিয়াই মূৰক লগাব পাৰে।
লেভেণ্ডাৰ তেলৰ গোন্ধ মূৰৰ বিষ কমোৱাত ফলপ্ৰসূ। হাতৰ তলুৱা আৰু কপাল আৰু ডিঙিত কেইটোপালমান তেল মালিচ কৰিলে ভাল ফলাফল পোৱা যায়।
পঢ়িবলৈ ক্লিক কৰক