শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Amla Benefits: শীতকালত আমলখি খালে শৰীৰৰ কি কি লাভ হয়? জানক…

Amla Benefits: শীতকালত আমলখি খালে বহু উপকাৰ পোৱা যায়। আমলখি আমাৰ স্বাস্থ্যৰ বাবে ভাল। ই ছালৰ পৰা চুলিলৈ, প্ৰায় সকলো দিশতে উপকাৰ সাধন কৰে। গতিকে আমলখি খালে শৰীৰে কি কি উপকাৰ লাভ কৰে সেয়া জনা দৰকাৰ।

Amla Benefits: শীতকালত আমলখি খালে শৰীৰৰ কি কি লাভ হয়? জানক…
আমলখিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 18 Dec 2025 15:53 PM

শীতকালত বজাৰত বিভিন্ন ধৰণৰ ফল-মূল পোৱা যায়। তাৰ ভিতৰত আমলখি (Amla) অন্যতম। আমলখিক চুপাৰফুড বুলি কোৱা হয়। ইয়াত ভিটামিন চি, এন্টিঅক্সিডেন্টছ আদি থাকে। মানুহে আমলখি আচাৰ বনাই, বা সাধাৰণভাৱে খায়। আমলখি খালে শৰীৰৰ বহু উপকাৰ হয়। ছালৰ পৰা চুলিলৈ, ইয়াৰোপৰি শৰীৰৰ বিভিন্ন অংগৰ বাবে আমলখি উপকাৰী। কিন্তু আপুনি জানেনে ইয়াৰ ফলত কি কি উপকাৰ হয়? তলত সবিশেষ উল্লেখ কৰা হ’ল।

কি কি থাকে

আমলখিত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ভিটামিন চি উপকাৰী। গতিকে আমলখিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। শৰীৰে ইয়াক প্ৰদূষণ আৰু সংক্ৰমণৰ সৈতে জড়িত অক্সিডেটিভ চাপৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। লগতে কলাজেন উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰে, যিয়ে ছাল আৰু গাঁঠিৰ স্বাস্থ্যৰ বাবে ভাল।

ইয়াৰোপৰি আমলখিত প্ৰাকৃতিক টেনিন থাকে। ভিটামিন চিৰ উপৰিও ইয়াত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী যৌগ এম্বলিকেনিন, গ্যালিক এচিড, আৰু এলাজিক এচিড, ফ্লেভন’ইড, পলিফেনল, আৰু টেনিন আদি থাকে। যিয়ে শীতকালত ভাইৰাছৰ সংক্ৰমণ, মানসিক চাপ আদিৰ পৰা সকাহ দিয়াত সহায় কৰে।

পাচনতন্ত্ৰ

আমলখিত ফাইবাৰ থাকে যিয়ে আমাৰ পাচনতন্ত্ৰ ভাল কৰি ৰাখে। এনে অৱস্থাত পাচনতন্ত্ৰৰ সমস্যা কম হয়। আমলখিত ফাইবাৰ আৰু ফাইটোকেমিকেলৰ দ্বাৰা অন্ত্ৰৰ স্বাস্থ্য ভাল কৰে। ইয়াৰোপৰি ই শীতকালত কৌষ্ঠকাঠিন্য আৰু পেট ফুলাৰ সমস্যাৰ পৰা ৰোগীক সহায় কৰে।

ছাল আৰু চুলি

আমলখিত ভিটামিন চি আৰু এন্টিঅক্সিডেন্টছ গুণ থাকে। যিয়ে আমাৰ ছাল আৰু চুলিৰ উপকাৰ সাধন কৰে। আমলখিত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট গুণে কলেজন তৈয়াৰ কৰাত সহায় কৰে। যিয়ে ছালৰ তেজ চলাচল প্ৰক্ৰিয়া উন্নত কৰে। এনে অৱস্থাত ছাল আৰু চুলি ধুনীয়া হৈ পৰে।

ব্লাড চুগাৰ

আমলখিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই তেজত চেনিৰ মাত্ৰা বাঢ়িব নিদিয়ে। গতিকে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ আমলখি খাব পাৰে।

উল্লেখ্য যে, এই লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। কিন্তু আপোনাৰ যদি কিবা সমস্যা আছে বা বিশেষ ৰোগ আছে তেন্তে যিকোনো বস্তু খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

 

অন্য খবৰ পঢ়কঃ একেৰাহে ৩০ দিন গ্ৰীণ টি খালে শৰীৰৰ কি কি লাভ হয়? জানক সকলো…