TV9 ASSAM
সুস্বাস্থ্যৰ বাবে ভাল টোপনি অতি প্ৰয়োজনীয়। কিছুমান সাধাৰণ যেন লগা খাদ্যই টোপনি ভাল কৰাত সহায় কৰিব পাৰে।
কল খালে দেহে প্ৰচুৰ শক্তি লাভ কৰে। ইয়াত থকা পটাছিয়াম গুণে টোপনিৰ হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰে আৰু টোপনিত সহায় কৰে।
হালধি মিহলি গাখীৰৰ গুণ অনেক। ই সামগ্ৰিকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ লগতে টোপনি ভাল কৰাতো সহায়ক।
আলমণ্ড, আখৰোট আদি বিভিন্ন প্ৰকাৰৰ বাদামে টোপনিৰ সহায়ক হৰম’ন মেলাটনিনৰ উৎপাদন বৃদ্ধি কৰি টোপনি অহাত সহায় কৰে।
দৈৰ দৰে খাদ্যত থকা প্ৰ’বায়’টিক আন্ত্ৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী বিবেচিত হয়। ইয়াৰ দ্বাৰা নিশা ভাল টোপনিৰ সম্ভৱপৰ হয়।
এক বাটি গৰম ভাত বা দাইলে টোপনিৰ হৰম’ন বৃদ্ধি কৰিব পাৰে। ইয়াৰ সহায়ত নিশা টোপনিও ভাল হয়।
পঢ়িবলৈ ক্লিক কৰক
ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী এনে ফল