US H-1B Visa Rules: ট্ৰাম্পৰ H-1B Visa ৰ নিয়মত সমস্যা, এটা সিদ্ধান্তৰ ফলত সংকটত হাজাৰ হাজাৰ চাকৰি
আমেৰিকাই দক্ষ শ্ৰমিকক আউটচ’ৰ্চ কৰে। কিন্তু এইবাৰ সেই বিদেশী শ্ৰমিকসকলক আমেৰিকাত কাম কৰাৰ সুযোগ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক অত্যাধিক মাচুল দিবলৈ কোৱা হৈছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এইচ-১বি ভিছাৰ নিয়মত ডাঙৰ সমস্যা। যদিহে আন দেশৰ শ্ৰমিকসকলে এইচ-১বি ভিছাত আমেৰিকাত কাম কৰিবলৈ যায় তেন্তে তেওঁলোকে এক লাখ মাৰ্কিন ডলাৰৰ মাচুল দিব লাগিব। ট্ৰাম্পৰ এই সিদ্ধান্তই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ), ইনফ’ছিছৰ দৰে আইটি কোম্পানীয়ে এই সমস্যা আটাইতকৈ বেছি সহ্য কৰিব লাগিব।
আমেৰিকাই দক্ষ শ্ৰমিকক আউটচ’ৰ্চ কৰে। কিন্তু এইবাৰ সেই বিদেশী শ্ৰমিকসকলক আমেৰিকাত কাম কৰাৰ সুযোগ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক অত্যাধিক মাচুল দিবলৈ কোৱা হৈছে। ইয়াৰ প্ৰভাৱ পৰিব বিভিন্ন ভাৰতীয় আৰু বহুজাতিক আই টি কোম্পানীত, যিবোৰে আগতে মধ্যভোগী হিচাপে কাম কৰিছিল। টাটা কনছালটেন্সি চাৰ্ভিচেছ লিমিটেড, ইনফ’ছিছ লিমিটেড আৰু কগনিজেণ্ট ছলিউচছন কৰ্পৰ দৰে কোম্পানীসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব।
