India-Bangladesh Relation: ভাৰতৰ এটা সিদ্ধান্তই বিপদত পেলাইছে বাংলাদেশক!
ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কত অৱস্থিত ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ। নিৰাপত্তাজনিত কাৰণত বুধবাৰে দুপৰীয়া ২ বজাৰ পৰা এই ভিছা চেণ্টাৰটো বন্ধ কৰি দিয়া হয়। কেতিয়া ভিছা চেণ্টাৰ খোলা হ’ব সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ হোৱা নাই। নিৰাপত্তাজনিত কাৰণত ভাৰত চৰকাৰে ভিছা চেণ্টাৰটো বন্ধ কৰিবলগীয়া হৈছিল।
ভাৰতীয় উচ্চায়ুক্তক আক্ৰমণৰ ভাবুকি, সাত ভনীক পৃথক কৰাৰ ভাবুকি বাংলাদেশৰ নেতাৰ ৷ ভাৰতে এই আচৰণ সহ্য কৰা কৰিব পৰা নাই। এতিয়া লৈছে কঠোৰ পদক্ষেপ। ভাৰতত বাংলাদেশীৰ বাবে কোনো প্ৰৱেশ নাই। বুধবাৰৰ পৰা বন্ধ হৈ আছে বাংলাদেশৰ ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ (Indian Visa Application Centre)। বিচ্ছিন্নতাবাদীৰ নিৰন্তৰ ভাবুকি আৰু উচটনিমূলক মন্তব্যৰ পিছতে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কত অৱস্থিত ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ। নিৰাপত্তাজনিত কাৰণত বুধবাৰে দুপৰীয়া ২ বজাৰ পৰা এই ভিছা চেণ্টাৰটো বন্ধ কৰি দিয়া হয়। কেতিয়া ভিছা চেণ্টাৰ খোলা হ’ব সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ হোৱা নাই। নিৰাপত্তাজনিত কাৰণত ভাৰত চৰকাৰে ভিছা চেণ্টাৰটো বন্ধ কৰিবলগীয়া হৈছিল। বাংলাদেশৰ ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ ৱেবছাইটতো এই কথা উল্লেখ কৰা হৈছে। জানিব পৰা মতে, আজি ৰাজশ্বাহী আৰু খুলনাৰ ভিছা চেণ্টাৰো বন্ধ কৰি দিয়া হৈছে। বুধবাৰে যিসকলৰ ভিছা আবেদনৰ বাবে এপইণ্টমেণ্ট আছিল তেওঁলোকক এদিন পিছত এপইণ্টমেণ্ট দিয়া হ’ব। স্থান আৰু সময়ৰ বিষয়ে জনোৱা হ’ব।
