চাৰ্জশ্বীটৰ “আনভেৰিফাইড” তথ্য প্ৰচাৰৰ অভিযোগ, অখিল গগৈৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ, কি ক’লে SIT য়ে ?
চাৰ্জশ্বীটৰ কিছুমান তথ্য ৰাজহুৱা কৰাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছে তদন্তকাৰী দলটোৱে। এই অভিযোগ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে।
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰত যোৱা ১২ ডিচেম্বৰত আদালতত চাৰ্জশ্বীট দাখিলে কৰে বিশেষ তদন্তকাৰী দলে। ইয়াৰ পাছতে এই চাৰ্জশ্বীটৰ কিছুমান তথ্য ৰাজহুৱা কৰাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছে তদন্তকাৰী দলটোৱে। এই অভিযোগ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। ইতিমধ্যে গোচৰৰ সন্মুখীন হোৱাৰ আশ্বাস দিছে অখিল গগৈয়ে।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দল (SIT)য়ে গোচৰটোৰ চাৰ্জশ্বীটৰ সৈতে জড়িত “আনভেৰিফাইড” নথি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ অভিযোগত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰে। পিটিআইৰ প্ৰতিবেদন অনুসৰি এজন জ্যেষ্ঠ বিষয়াই এই কথা সদৰী কৰিছে।
লগতে এনে নথি-পত্ৰ প্ৰচাৰ ‘অবৈধ’ আৰু ই “জনসাধাৰণক বিপথে পৰিচালিত কৰিব আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিব” বুলিও তেওঁ কয়। শিৱসাগৰৰ বিধায়ক গগৈয়ে জুবিনৰ মৃত্যুৰ গোচৰৰ সাতজন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ অংশ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত কিছু নথি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠিত ৯ জনীয়া এছআইটিয়ে ১২ ডিচেম্বৰত কামৰূপ (মেট্ৰ’)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত অভিযোগনামা দাখিল কৰে। এজন অধিবক্তাই কয় যে, আদালতে এতিয়াও অভিযোগনামাখনৰ প্ৰমাণিত কপি আবেদন কৰাসকলক প্ৰদান কৰা নাই, আৰু ইয়াক কেৱল অভিযুক্ত আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতেহে শ্বেয়াৰ কৰা হৈছে।
বিষয়াগৰাকীয়ে কয় যে, “এছ আই টিৰ তদন্তকাৰী বিষয়া ৰ’জী কলিতাই গগৈৰ বিৰুদ্ধে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত গোচৰ পঞ্জীয়ন কৰিবলৈ এজাহাৰ দাখিল কৰিছে। অভিযোগৰ পৰীক্ষা চলি আছে আৰু সেই অনুসৰি বিষয়টোৰ ওপৰত সিদ্ধান্ত লোৱা হ’ব।”
ইফালে, গগৈয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, “মই জানিব পাৰিছো যে চাৰ্জশ্বীট ৰাজহুৱা কৰাৰ বাবে চৰকাৰে মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। মই বহুত অসুস্থ, কিন্তু গোচৰৰ সন্মুখীন হ’বলৈ গুৱাহাটীলৈ যাম।”
উল্লেখ্য যে, চাৰ্জশ্বীটত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে। এই চাৰ্জশ্বীটৰ কিছু অংশ অনুবাদ কৰি সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছিল অখিল গগৈয়ে।