TV9 ASSAM
মগজুক কাৰ্যক্ষম কৰি ৰাখিবলৈ নিয়মিতভাৱে সঠিক পুষ্টিৰ প্ৰয়োজন হয়। কিছুমান খাদ্য এই দিশত অতি উপকাৰী। জানো আহক।
পালেং, মেথি আদি সেউজীয়া শাকত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়, এই উপাদানসমূহে মগজুৰ স্বাস্থ্য উন্নত কৰে।
কণীত ভিটামিন বি ৬ আৰু বি ১২, ফলেট, ক’লিন আদি উপাদান থাকে। এক কথাত মগজুৰ স্বাস্থ্যত সহায়ক হোৱা পুষ্টিকৰ উপাদানৰ উত্তম উৎস কণী।
ভিন্ন প্ৰকাৰৰ বাদাম আৰু বীজত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড আৰু মাইক্ৰ’নিউট্ৰিয়েণ্ট পোৱা যায়, এইসমূহে মগজুক পুষ্টি প্ৰদান কৰে।
হালধিত যথেষ্ট পৰিমাণে পোৱা যায় কাৰকুমিন নামৰ এবিধ উপাদান। এই উপাদানবিধে পোনপটীয়াকৈ মগজুত প্ৰৱেশ কৰি প্ৰদাহ হ্ৰাস কৰিব পাৰে।
ডাৰ্ক চকলেটত ফ্লেভন’ইড, কেফেইন, থিওব্ৰ’মাইন আদি বিভন্ন উপাদান থাকে। সেয়ে ডাৰ্ক চকলেটে আপোনাৰ জ্ঞানশক্তি বৃদ্ধি কৰে।
ব্লুবেৰী, ষ্ট্ৰবেৰী, ব্লেকবেৰীত আদি ভিন্ন প্ৰকাৰৰ জামুত এণ্টিঅক্সিডেণ্ট থাকে। এই উপাদানে মগজুৰ কোষক মানসিক চাপৰ পৰা ৰক্ষা কৰে।
ছালমন, চাৰ্ডিন আদি মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে। এই উপাদানে প্ৰদাহ হ্ৰাস কৰাৰ লগতে মগজুৰ কাৰ্যকলাপত সহায় কৰে।
বিশুদ্ধ কফিৰ আৰু চাহপাতত থকা এণ্টিঅক্সিডেণ্টে জ্ঞানশক্তি বৃদ্ধি কৰিব পাৰে। অৱশ্যে অধিক চাহ-কফিয়ে ক্ষতি কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
ভাল টোপনিত সহায়ক হ'ব পাৰে এনে খাদ্য