শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সহজ হৈ পৰিব ৰে’ল যাত্ৰা, টিকট ৰিজাৰ্ভেচনৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন...

সহজ হৈ পৰিব ৰে’ল যাত্ৰা, টিকট ৰিজাৰ্ভেচনৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন…

trishna-kalita
Trishna Kalita | Updated On: 18 Dec 2025 21:24 PM

এই নিয়ম যাত্ৰীসকলৰ বাবে অধিক সুবিধাজনক হ’ব। ইয়াৰ দ্বাৰা টিকট কনফাৰ্ম হৈছে নে নাই অলপ আগতেই জানিব পাৰিব। ইয়াৰ ফলত বিশেষকৈ যিসকলে দীৰ্ঘ দূৰত্বৰ ৰে’লত বহু দূৰ যাত্ৰা কৰিবলগা যাত্ৰীসকলে শেষ মুহূৰ্তত বিকল্প পৰিকল্পনাৰ চিন্তাৰ পৰা মুক্ত হ’ব।

এতিয়াৰে পৰা অধিক সহজ হৈ পৰিব ৰে’ল যাত্ৰা। যাত্ৰীসকলকৰ কথা মনত ৰাখি ভাৰতীয় ৰে’লৱেই লৈছে আন এটা ডাঙৰ সিদ্ধান্ত। এতিয়া ৮ ঘণ্টা নহয়, ১০ ঘণ্টা আগতেই আপুনি গ’ম পাব যে আপোনাৰ টিকট কনফাৰ্ম হৈছে নে নাই । ৰে’ল যাত্ৰাৰ কমেও ১০ ঘণ্টা পূৰ্বে আসন সংৰক্ষণৰ তালিকা বা সংৰক্ষণ তালিকা প্ৰকাশ কৰা হ’ব। পূৰ্বে এই তালিকাখন যাত্ৰাৰ ৮ ঘণ্টা আগতেই প্ৰকাশ পাইছিল।