শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ঋণ লোৱাৰ সময়তো মানি চলক জ্যোতিষ বিধান; কোনকেইটা দিন শুভ আৰু অশুভ, জানি লওক এতিয়াই

জ্যোতিষ শাস্ত্ৰ মতে ঋণ লোৱাৰ ক্ষেত্ৰত সঠিক দিনৰ প্ৰতি সচেতন হোৱা উচিত। গতিকে, কোনবোৰ দিন ধন ধাৰে লোৱাৰ বাবে শুভ আৰু কোনবোৰ দিন যিকোনো পৰিস্থিতিতো ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগে, জানি লওঁ আহক।

ঋণ লোৱাৰ সময়তো মানি চলক জ্যোতিষ বিধান; কোনকেইটা দিন শুভ আৰু অশুভ, জানি লওক এতিয়াই
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 19 Dec 2025 17:32 PM

হিন্দু শাস্ত্ৰত সপ্তাহৰ প্ৰতিটো দিনেই নিজস্ব এক বিশেষ তাৎপৰ্য বহন কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি সপ্তাহৰ প্ৰতিটো দিনেই পৃথক প্ৰভাৱ পেলায়, প্ৰতিটো দিন কোনো বিশেষ আৰাধ্য দেৱতা বা গ্ৰহৰ বাবে উৎসৰ্গিত। ইফালে ধৰ্মীয় বিশ্বাস অনুসৰি সপ্তাহৰ প্ৰতিটো দিনতে শাসক গ্ৰহ পৃথক পৃথক হয় আৰু সেয়ে দিন অনুসাৰে ভিন্ন কৰ্মৰ প্ৰভাৱো বেলেগ হয়। হিন্দু ধৰ্ম আৰু জ্যোতিষ শাস্ত্ৰই ধনৰ ঋণ লোৱাৰ ক্ষেত্ৰতো শুভ আৰু অশুভ দিন নিৰ্ধাৰণ কৰিছে।

জ্যোতিষ শাস্ত্ৰ মতে ঋণ লোৱাৰ ক্ষেত্ৰত সঠিক দিনৰ প্ৰতি সচেতন হোৱা উচিত। গতিকে, কোনবোৰ দিন ধন ধাৰে লোৱাৰ বাবে শুভ আৰু কোনবোৰ দিন যিকোনো পৰিস্থিতিতো ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগে, জানি লওঁ আহক।

ঋণ গ্ৰহণৰ শুভ-অশুভ দিন

জ্যোতিষ শাস্ত্ৰ মতে সোমবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ দিনকেইটাক ধনৰ ঋণ লোৱাৰ বাবে শুভ দিন হিচাপে গণ্য কৰা হয়। বেংকৰ ঋণ বা কোনো ব্যক্তিৰ পৰা ধন ধাৰে ল’লে এইকেইদিনত ল’ব পাৰি। এই দিনবোৰত লোৱা ঋণ সোনকালে পৰিশোধ কৰিব পাৰিব। কিন্তু কিছুমান দিন ধাৰলৈ লোৱাৰ বাবে অত্যন্ত অশুভ বুলি গণ্য কৰা হয়। মঙলবাৰ, বুধবাৰ, শনিবাৰে ধন ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগে।

ঋণ পৰিশোধৰ বাবে শুভ দিন

সপ্তাহৰ মঙলবাৰ, বুধবাৰ, শনিবাৰে ঋণ ল’লে ইয়াৰ অশুভ প্ৰভাৱত ব্যক্তিজনে নিজৰ ঋণ পৰিশোধ কৰিব নোৱাৰে। এই দিনবোৰত ঋণ লোৱাসকলে প্ৰায়ে ঋণ পৰিশোধ কৰিবলৈ সংগ্ৰাম কৰে। মঙলবাৰ আৰু বুধবাৰক তেওঁলোকৰ ঋণ পৰিশোধৰ বাবে আটাইতকৈ শুভ দিন হিচাপে গণ্য কৰা হয়।

ইফালে বুধবাৰ আৰু বৃহস্পতিবাৰক ঋণ দিয়াৰ বাবে আটাইতকৈ অশুভ দিন বুলি গণ্য কৰা হয়। এই দিনবোৰত ঋণ দিলে আৰ্থিক সংকটৰ সৃষ্টি হ’ব পাৰে। সপ্তাহৰ দেওবাৰ দিনটো ভগৱান সূৰ্যৰ বাবে উৎসৰ্গা কৰা হয়। দেওবাৰে টকা ধাৰলৈ ল’ব নালাগে বুলি কোৱা হয়। এই দিনটোত ঋণ ল’লে ঋণ পৰিশোধ কৰাত পলম হ’ব পাৰে।

বিশেষ দ্ৰষ্টব্যঃ সম্পূৰ্ণৰূপে ধৰ্মীয় তথা লোকবিশ্বাসৰ আধাৰত এই লেখাটো প্ৰস্তুত কৰা হৈছে। TV Assam- এ এই বিষয়ত নিজা মত পোষণ কৰা নাই।