শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতৰ গোপন তথ্যৰ বিনিময়ত টকা! ISI ৰ নজৰত এইবাৰ কিশোৰ, পোহৰলৈ ভয়ংকৰ তথ্য…

পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ। দেশখনৰ চোৰাংচোৱা সংস্থা ISI য়ে এইবাৰ ভাৰতীয় কিশোৰক লক্ষ্য কৰি লৈছে। শেহতীয়াকৈ আৰক্ষীয়ে এজন কিশোৰক গ্ৰেপ্তাৰ কৰিছে যিয়ে পাকিস্তানক বহু গোপন তথ্য প্ৰদান কৰি আহিছে।

ভাৰতৰ গোপন তথ্যৰ বিনিময়ত টকা! ISI ৰ নজৰত এইবাৰ কিশোৰ, পোহৰলৈ ভয়ংকৰ তথ্য…
প্ৰতীকী ফটো
Barasha Sarma
Barasha Sarma | Published: 06 Jan 2026 10:20 AM

পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ নজৰত এতিয়া ভাৰতীয় কিশোৰ। শেহতীয়াকৈ পঞ্জাৱৰ পঠানকোটৰ পৰা আৰক্ষীয়ে স্পৰ্শকাতৰ সামৰিক এলেকাত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত এজন ১৫ বছৰীয়া কিশোৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁক ইতিমধ্যে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ মতে, কিশোৰজনে দীৰ্ঘদিন ধৰি পাকিস্তানক ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰি আহিছে। এই সমগ্ৰ দিশ সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

আৰক্ষীয়ে জনোৱা মতে, ধৃত কিশোৰজনে প্ৰায় এবছৰ ধৰি পাকিস্তানৰ ISI হেণ্ডেলাৰলৈ ভাৰতৰ বহু গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ তথ্য প্ৰেৰণ কৰি আহিছিল। তদন্তত এয়াও পোহৰলৈ আহিছে যে পঞ্জাৱৰ অন্যান্য কিশোৰৰো ISI ৰ সৈতে সম্পৰ্ক আছে। বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে অন্য থানাক সতৰ্ক হৈ থাকিবলৈ দি তদন্ত অব্যাহত ৰাখিছে।

কোৱা হৈছে যে, নিৰাপত্তা সংস্থাৰ নজৰৰ পৰা আঁতৰিবলৈ এই কিশোৰসকলক লক্ষ্য কৰি লৈছে আই এছ এ। ইয়াৰ বিনিময়ত তেওঁলোকক ধন আৰু অন্যান্য প্ৰৰোচনাৰ প্ৰস্তাৱ দিয়া হৈছে। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা কিশোৰজনক গ্ৰেপ্তাৰ কৰি আন কিশোৰসকলৰ সম্পৰ্কীয় তথ্য সংগ্ৰহৰ চেষ্টা কৰি আছে। এই সমগ্ৰ চেইন ভাঙিবলৈ আৰক্ষীয়ে চেষ্টা কৰি আছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে, কিশোৰজনৰ পিতৃ প্ৰায় ডেৰ বছৰ পূৰ্বে বিদেশত মৃত্যু হৈছিল। এয়া হত্যা বুলি কোৱা হৈছিল। যাৰ বাবে কিশোৰজন হতাশ হৈছিল আৰু ক্ৰমান্বয়ে অপৰাধৰ পিনে ঢাল খাই গৈছে। বিদ্যালয় বাদ দি তেওঁ সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট দিবলৈ আৰম্ভ কৰে। এই সময়চোৱাতে তেওঁক যোগাযোগ কৰি আই এছ এ নিজৰ চোৰাংচোৱা নেটৱৰ্কত নিযুক্তি দিয়ে।

পঠানকোটৰ এছ এছ পি দলজিন্দৰ সিং ধিলনে কয় যে কিশোৰজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ মোবাইল জব্দ কৰি পৰীক্ষা চলাই থকা হৈছে। ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁ অন্য যুৱকৰ সৈতেও যোগাযোগ স্থাপনৰ চেষ্টা কৰিছিল বুলি তথ্য প্ৰকাশ পাইছে। অৱশ্যে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ পিতৃ-ভগ্নীকো এৰি নিদিলে! পৰিয়ালৰ ৩ সদস্যৰ সৈতে যুৱকৰ ভয়ংকৰ কাণ্ড…