যকৃত দুৰ্বল হৈ পৰাৰ লক্ষণ কি কি জানক...

7 Jan 2026

TV9 ASSAM

আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ এক অংগ যকৃত। ই শৰীৰৰ বিভিন্ন কাম কৰে। কিন্তু যেতিয়া যকৃতৰ কোনো সমস্যা হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

যকৃত

যকৃত দুৰ্বল হ'লে কোনো কাম নকৰাকৈ অত্যধিক ভাগৰ আৰু দুৰ্বল অনুভৱ হ'ব পাৰে। ভাল টোপনি, জিৰণিৰ পাছতো দুৰ্বল আৰু অনবৰত ভাগৰ লাগি থাকিব পাৰে।

লক্ষণ

যকৃতৰ সমস্যা হলে ছাল আৰু চকু হালধীয়া হ'ব পাৰে। জণ্ডিচত এনে হয়। কেতিয়াবা প্ৰস্ৰাৱৰ ৰং সলনি হোৱা দেখা যায়। গাঢ় হালধীয়া হয় প্ৰস্ৰাৱৰ ৰং।

হালধীয়া

পেটত চৰ্বি বৃদ্ধি পোৱা, গধুৰতা আদি যকৃতৰ লগত জড়িত সমস্যাৰ লক্ষণ হ'ব পাৰে। ফেটি লিভাৰ হলে পেটৰ চাৰিওফালে চৰ্বি বৃদ্ধি পায়, আন অংশ সাধাৰণভাৱে থাকে।

পেট

যেতিয়া যকৃতৰ কোনো সমস্যা হয় তেতিয়া ভোক নালাগে। কেতিয়াবা অলপ খাদ্য খোৱাৰ পাছতে পেটত গধুৰতা, বমি, বমি বমি ভাব আদি অনুভৱ হ'ব পাৰে।

ভোক

এলাৰ্জি বা কোনো কাৰণ নোহোৱাকৈ শৰীৰত খজুৱতি হোৱা যকৃত নষ্ট হোৱাৰ কাৰণ হ'ব পাৰে। শৰীৰত বেয়া পদাৰ্থ জমা হ'লে খজুৱতি হয়।

খজুৱতি

কোনো ডায়েট বা ব্য়ায়াম নকৰাকৈ ওজন হ্ৰাস হ'ব পাৰে। দীৰ্ঘদিন ধৰি এই লক্ষণসমূহ দেখা দিলে  বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

ওজন হ্ৰাস

পঢ়িবলৈ ক্লিক কৰক 

ডায়েবেটিছৰ লক্ষণ