ভাৰতীয় ৰে’লৱেৰ নতুন পদক্ষেপ, চিন্তিত যাত্ৰী…
ৰে’লৱেৰ সূত্ৰ অনুসৰি সকলো অনলাইন গ্ৰাহকক ইউটিএছৰ পৰা ‘ৰে’লৱান’(RailOne) নামৰ নতুন এপলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় ৰে’লৱেই। যাৰ বাবে ইউটিএছত মাহিলী ধন পৰিশোধ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।
পৰিশোধ হোৱা নাই মাহেকীয়া ধন! চিন্তিত হৈ পৰিছে UTS ব্যৱহাৰকাৰীসকল। বছৰ বছৰ ধৰি সেই এপটোৰ জৰিয়তে দৈনিক যাতায়ত কৰা লোকসকলে গোটেই মাহটো টিকট ক্ৰয় কৰি আহিছে। এতিয়া সেই এপটোৱে কাম প্ৰায় বন্ধ কৰি দিছে। যাৰ বাবে বিপদত পৰিছে একাংশ যাত্ৰী। কিন্তু কিয় এনেকুৱা হৈছে?
ৰে’লৱেৰ সূত্ৰ অনুসৰি সকলো অনলাইন গ্ৰাহকক ইউটিএছৰ পৰা ‘ৰে’লৱান’(RailOne) নামৰ নতুন এপলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় ৰে’লৱেই। যাৰ বাবে ইউটিএছত মাহিলী ধন পৰিশোধ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় ৰে’লৱে কৰ্তৃপক্ষই এই সন্দৰ্ভত বছৰৰ প্ৰথম দিনটোত এক বিবৃতি প্ৰকাশ কৰে। তেওঁলোকে কয় যে, কেনেকৈ এটা এপৰ জৰিয়তে প্লেটফৰ্মৰ টিকট, সংৰক্ষিত টিকট আৰু অসংৰক্ষিত টিকট একত্ৰিত কৰা হৈছে। অতি সহজ ভাষাত ক’বলৈ গ’লে সকলো সুবিধা এটা এপতে উপলব্ধ হ’ব ।
