শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মোৰ মাহেকীয়া চলি আছে…মন নগলিল পিতৃৰ, কৰিলে ভয়ংকৰ কাণ্ড…

পোহৰলৈ আহিছে এক জঘন্য, মৰ্মান্তিক ঘটনা। এগৰাকী পিতৃয়ে নিজ কন্যাৰ জীৱন ধ্বংস কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

মোৰ মাহেকীয়া চলি আছে…মন নগলিল পিতৃৰ, কৰিলে ভয়ংকৰ কাণ্ড…
প্ৰতীকী ফটোImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 07 Jan 2026 18:29 PM

সমাজত এজন পিতৃক সন্তানৰ ৰক্ষক বুলি কোৱা হয়। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই আচৰিত কৰিব আপোনাক। নিজ পিতৃয়ে বলপূৰ্বকভাৱে কিশোৰী কন্যাক বেশ্যাবৃত্তিত নিয়োগ কৰিছিল। এই ঘটনাত কিশোৰীগৰাকীৰ আইতাকো জড়িত আছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈ ১২ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাৰ বিৰুৰত।

জানিব পৰা মতে, মাতৃৰ মৃত্যুৰ পাছতে কিশোৰীগৰাকী আত্মীয়ৰ ঘৰত থাকি অধ্যয়ন কৰিছিল। দ্বাদশ উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ পিতৃগৃহলৈ ঘূৰি আহিছিল। কিন্তু সেই পিতৃয়ে তেওঁক টকাৰ লালসাত বেশ্যা বৃত্তিত নিয়োগ কৰে।

৫ হাজাৰ টকাৰ বাবে…

প্ৰাপ্ত খবৰ অনুসৰি, যোৱা ডিচেম্বৰ মাহত পিতৃয়ে কন্যাৰ সৈতে আইতাকৰ ঘৰলৈ যায়। সেই সময়তে তেওঁলোকৰ ঘৰলৈ ভৰত চেট্টী নামৰ এজন লোক আহে। সেই লোকজনে পিতৃক প্ৰলোভন দিয়ে যে যদি কিশোৰীগৰাকী এই বৃত্তিত নিয়োগ হয় তেন্তে প্ৰতিদিনে ৫ হাজাৰ টকা দিব। যাৰ পাছত পিতৃয়ে কন্যাক বিক্ৰী কৰে।

অভিযুক্ত পিতৃয়ে কিশোৰীগৰাকীক ভৰত চেট্টীৰ সৈতে অন্য এটা স্থানলৈ লৈ যায়। তেতিয়া কিশোৰীগৰাকীয়ে পিতৃক তেওঁৰ মাহেকীয়া চলি আছে বুলি জনায়। লগতে এয়াও কয় যে, তেওঁ অসুস্থ। কিন্তু দেউতাকৰ মন নগলিল। পিছদিনা ভৰত চট্টী কিশোৰীগৰাকীক ভাবুকি দিছিল যে কেইজনমান পুৰুষ আহি তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব।

আৰক্ষীক কি ক’লে ভুক্তভোগীয়ে?

২০ ৰ পৰা ৪৫ বছৰ বয়সৰ ৪ জন পুৰুষে তেওঁক ধৰ্ষণ কৰিছিল। কিন্তু কিশোৰীগৰাকীয় সাহস কৰি আৰক্ষীৰ আগত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। লগে লগে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ১২ জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত ভৰত চেট্টী, পিতৃ আৰু আইতাকো আছে।

 

অন্য খবৰ পঢ়কঃ বিজেপিৰ প্ৰবীন নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পৰলোকপ্ৰাপ্তি…