Assam News: বিজেপিৰ বিৰুদ্ধে অভিযোগৰ পৰা বাংলাদেশত হিন্দু নিৰ্যাতনলৈ দিনটোৰ শীৰ্ষ খবৰ
কংগ্ৰেছৰ সৈতে গোপনে মিতিৰালি কৰিছে মুখ্যমন্ত্ৰীয়ে। পৰাজয়ৰ ভয়তেই গোপন মিতিৰালি মুখ্যমন্ত্ৰীৰ। এই বিস্ফোৰক মন্তব্য AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। নীতিশ কুমাৰৰ দৰেই হিমন্ত বিশ্ব শৰ্মাক পল্টু মুখ্যমন্ত্ৰী আখ্যা নেতাগৰাকীৰ। ইফালে মিত্ৰতাৰ বাবে দুৱাৰ খোলা আছে বুলি বিৰোধী শিবিৰক জনালে আজমলে। এইবাৰ দুগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়াৰো সিদ্ধান্ত লৈছে AIUDF দলে।
১. ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ বিধায়ক অখিল গগৈৰ। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত বিজেপিয়ে হস্তক্ষেপ কৰাৰ অভিযোগ বিধায়ক গগৈৰ। বিজেপিৰ ৰাজ্যিক সভাপতিয়ে একাংশ লোকৰ নাম বাদ দিবলৈ নিৰ্দেশ দিয়া বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে।
২. অখিল গগৈৰ ফেচবুক লাইভ কেৱল মনোৰঞ্জনৰ বাবে। ইয়াৰ গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন নাই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বোকাখাতত সাংবাদিকৰ আগত মুখ্য়মন্ত্ৰীয়ে কয় যে যেনেকৈ মানুহে কামৰ পাছত গান শুনি জিৰণি লয়, তেনেকৈ নিশা অখিল গগৈৰ প্রেছ মিট আৰু ফেচবুক লাইভ শুনিও সতেজতা লাভ কৰিব পাৰি ৷
৩. বাংলাদেশ সীমান্তত অব্যাহত আছে অবৈধ অনুপ্ৰৱেশৰ চেষ্টা। যোৱা নিশা নিৰাপত্তা বাহিনীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা ১৩ গৰাকী অনুপ্ৰৱেশকাৰীক ওভতাই পঠা। শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে প্ৰৱেশৰ চেষ্টা কৰিছিল অনুপ্ৰৱেশকাৰীয়ে। কিন্তু অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে ক্ষীপ্ৰতাৰে এই অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সক্ষম হয়।
৪. কংগ্ৰেছৰ সৈতে গোপনে মিতিৰালি কৰিছে মুখ্যমন্ত্ৰীয়ে। পৰাজয়ৰ ভয়তেই গোপন মিতিৰালি মুখ্যমন্ত্ৰীৰ। এই বিস্ফোৰক মন্তব্য AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। নীতিশ কুমাৰৰ দৰেই হিমন্ত বিশ্ব শৰ্মাক পল্টু মুখ্যমন্ত্ৰী আখ্যা নেতাগৰাকীৰ। ইফালে মিত্ৰতাৰ বাবে দুৱাৰ খোলা আছে বুলি বিৰোধী শিবিৰক জনালে আজমলে। এইবাৰ দুগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়াৰো সিদ্ধান্ত লৈছে AIUDF দলে।
৫. দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত মহানগৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ। SR ৰ যোগেদি ভোটাৰ তালিকা প্ৰস্তুতত ব্যাপক বিসংগতিৰ অভিযোগ। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাক লৈ অসন্তুষ্ট কংগ্ৰেছ। একোটা পৰিয়ালত অতিৰিক্তভাৱে অচিনাক্ত ভোটাৰ অন্তৰ্ভুক্তিৰ অভিযোগ। ইয়াৰ যোগেদি বিজেপিয়ে ভোট চুৰিৰ চেষ্টা কৰাৰো সন্দেহ। বিজেপিৰ সুবিধা অনুযায়ী নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ অভিযোগ কংগ্ৰেছৰ।
