Assam Top9: আজিৰ দিনটোত ক’ত কি ঘটিল চাও আহক
আজি ৬ জানুৱাৰী, ২০২৬, মংগলবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল:
১. ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ বিধায়ক অখিল গগৈৰ। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত বিজেপিয়ে হস্তক্ষেপ কৰাৰ অভিযোগ বিধায়ক গগৈৰ। বিজেপিৰ ৰাজ্যিক সভাপতিয়ে একাংশ লোকৰ নাম বাদ দিবলৈ নিৰ্দেশ দিয়া বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে।
২. অখিল গগৈৰ ফেচবুক লাইভ কেৱল মনোৰঞ্জনৰ বাবে। ইয়াৰ গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন নাই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বোকাখাতত সাংবাদিকৰ আগত মুখ্য়মন্ত্ৰীয়ে কয় যে যেনেকৈ মানুহে কামৰ পাছত গান শুনি জিৰণি লয়, তেনেকৈ নিশা অখিল গগৈৰ প্রেছ মিট আৰু ফেচবুক লাইভ শুনিও সতেজতা লাভ কৰিব পাৰি ৷
৩. বাংলাদেশ সীমান্তত অব্যাহত আছে অবৈধ অনুপ্ৰৱেশৰ চেষ্টা। যোৱা নিশা নিৰাপত্তা বাহিনীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা ১৩ গৰাকী অনুপ্ৰৱেশকাৰীক ওভতাই পঠা। শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে প্ৰৱেশৰ চেষ্টা কৰিছিল অনুপ্ৰৱেশকাৰীয়ে। কিন্তু অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে ক্ষীপ্ৰতাৰে এই অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সক্ষম হয়।
৪. কংগ্ৰেছৰ সৈতে গোপনে মিতিৰালি কৰিছে মুখ্যমন্ত্ৰীয়ে। পৰাজয়ৰ ভয়তেই গোপন মিতিৰালি মুখ্যমন্ত্ৰীৰ। এই বিস্ফোৰক মন্তব্য AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। নীতিশ কুমাৰৰ দৰেই হিমন্ত বিশ্ব শৰ্মাক পল্টু মুখ্যমন্ত্ৰী আখ্যা নেতাগৰাকীৰ। ইফালে মিত্ৰতাৰ বাবে দুৱাৰ খোলা আছে বুলি বিৰোধী শিবিৰক জনালে আজমলে। এইবাৰ দুগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়াৰো সিদ্ধান্ত লৈছে AIUDF দলে।
৫. দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত মহানগৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ। SR ৰ যোগেদি ভোটাৰ তালিকা প্ৰস্তুতত ব্যাপক বিসংগতিৰ অভিযোগ। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাক লৈ অসন্তুষ্ট কংগ্ৰেছ। একোটা পৰিয়ালত অতিৰিক্তভাৱে অচিনাক্ত ভোটাৰ অন্তৰ্ভুক্তিৰ অভিযোগ। ইয়াৰ যোগেদি বিজেপিয়ে ভোট চুৰিৰ চেষ্টা কৰাৰো সন্দেহ। বিজেপিৰ সুবিধা অনুযায়ী নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ অভিযোগ কংগ্ৰেছৰ।
৬. মেগা বিহু আৰু ঝুমইৰ বিনন্দিনীৰ পাছত এইবাৰ মেগা বাগৰুম্বা অনুষ্ঠানৰ বাবে সাজু হৈছে অসম চৰকাৰ। অহা ১৭ জানুৱাৰীত সৰুসজাইত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। য’ত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইতিমধ্যেই বাগৰুম্বাৰ বাবে অব্যাহত আছে অনুশীলন। আজু এই অনুশীলন পৰ্যবেক্ষণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বড়াই।
৭. পুনৰ অসুস্থ কংগ্ৰেছ নেত্ৰী তথা ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ মাতৃ ছোনিয়া গান্ধী। সোমবাৰে সন্ধিয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীক দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, বৰ্তমান ছোনিয়া গান্ধীৰ অৱস্থা সুস্থিৰ আৰু তেওঁ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আছে।
৮. বন্দীত্বৰ পিছত এতিয়া প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ফেডাৰেল আদালতত হাজিৰ কৰোৱা হ’ল ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহ আৰু সন্ত্ৰাসবাদমূলক ষড়যন্ত্ৰৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই। আদালতত উপস্থিত হৈ নিজকে নিৰ্দোষী বুলি দাবী কৰিছে নিকোলাছ মাডুৰোৱে।
৯. বাংলাদেশত পুনৰ হিংসাৰ বলি হিন্দু যুৱক। ২৪ ঘণ্টাৰ ভিতৰত দুজনকৈ হিন্দু যুৱকে প্ৰাণ হেৰুৱাইছে বাংলাদেশত। যোৱা নিশা নাৰ্চিংডিত হত্যাৰ বলি হয় শৰৎ চক্ৰৱৰ্তী নামৰ এজন যুৱক। তাৰ পূৰ্বে মণিৰামপুৰত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাই ৰাণাপ্ৰতাপ বৈৰাগী নামৰ আন এজন যুৱকে। এই ঘটনাই বাংলাদেশত হিন্দুৰ নিৰাপত্তাক লৈ পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।