২৭ জানুৱাৰীত বেংক কৰ্মচাৰীৰ ধৰ্মঘট, বেংকলৈ গ’লে হ’ব নেকি বিমুখ?
২৭ জানুৱাৰীৰ এই প্ৰতিবাদৰ বাবে বেংকিং সেৱাত নিশ্চিতভাৱে প্ৰভাৱ পৰিব। পিছে এই দিনটোত বেংক বন্ধ থাকিব নেকি? এই বিষয়ে জানিবলৈ চাওক ভিডিঅ’।
অহা ২৭ জানুৱাৰীত দেশজুৰি বেংক কৰ্মচাৰীসকলে ধৰ্মঘটৰ আহ্বান জনাইছে। সপ্তাহত ৫ দিনৰ কৰ্মদিন আৰু দুদিনৰ ছুটীৰ দাবীত ‘অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনে’ এই কাৰ্যসূচী গ্ৰহণ কৰিছে। উল্লেখ্য যে, ২০২৪ চনৰ মাৰ্চ মাহতে ভাৰতীয় বেংক সন্থা আৰু ইউনিয়নৰ মাজত ৫ দিনীয়া কৰ্ম সপ্তাহৰ সিদ্ধান্ত লোৱা হৈছিল, কিন্তু চৰকাৰে এতিয়ালৈকে ইয়াক কাৰ্যকৰী কৰা নাই। কৰ্মচাৰীসকলৰ মতে, আৰ.বি.আই আৰু এল.আই.চিৰ দৰে প্ৰতিষ্ঠানত ইতিমধ্যে এই নিয়ম চলি আছে।
তেওঁলোকে সপ্তাহত ৫ দিন কাম কৰাৰ বিনিময়ত দৈনিক অতিৰিক্ত ৪০ মিনিট সময় কাম কৰিবলৈও সন্মতি জনাইছে। ২৭ জানুৱাৰীৰ এই প্ৰতিবাদৰ বাবে বেংকিং সেৱাত নিশ্চিতভাৱে প্ৰভাৱ পৰিব। পিছে এই দিনটোত বেংক বন্ধ থাকিব নেকি? এই বিষয়ে জানিবলৈ চাওক ভিডিঅ’…
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
