শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
২৭ জানুৱাৰীত বেংক কৰ্মচাৰীৰ ধৰ্মঘট, বেংকলৈ গ’লে হ’ব নেকি বিমুখ?

২৭ জানুৱাৰীত বেংক কৰ্মচাৰীৰ ধৰ্মঘট, বেংকলৈ গ’লে হ’ব নেকি বিমুখ?

Monjit Dutta
Monjit Dutta | Published: 06 Jan 2026 22:53 PM

২৭ জানুৱাৰীৰ এই প্ৰতিবাদৰ বাবে বেংকিং সেৱাত নিশ্চিতভাৱে প্ৰভাৱ পৰিব। পিছে এই দিনটোত বেংক বন্ধ থাকিব নেকি? এই বিষয়ে জানিবলৈ চাওক ভিডিঅ’।

অহা ২৭ জানুৱাৰীত দেশজুৰি বেংক কৰ্মচাৰীসকলে ধৰ্মঘটৰ আহ্বান জনাইছে। সপ্তাহত ৫ দিনৰ কৰ্মদিন আৰু দুদিনৰ ছুটীৰ দাবীত ‘অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনে’ এই কাৰ্যসূচী গ্ৰহণ কৰিছে। উল্লেখ্য যে, ২০২৪ চনৰ মাৰ্চ মাহতে ভাৰতীয় বেংক সন্থা আৰু ইউনিয়নৰ মাজত ৫ দিনীয়া কৰ্ম সপ্তাহৰ সিদ্ধান্ত লোৱা হৈছিল, কিন্তু চৰকাৰে এতিয়ালৈকে ইয়াক কাৰ্যকৰী কৰা নাই। কৰ্মচাৰীসকলৰ মতে, আৰ.বি.আই আৰু এল.আই.চিৰ দৰে প্ৰতিষ্ঠানত ইতিমধ্যে এই নিয়ম চলি আছে।

তেওঁলোকে সপ্তাহত ৫ দিন কাম কৰাৰ বিনিময়ত দৈনিক অতিৰিক্ত ৪০ মিনিট সময় কাম কৰিবলৈও সন্মতি জনাইছে। ২৭ জানুৱাৰীৰ এই প্ৰতিবাদৰ বাবে বেংকিং সেৱাত নিশ্চিতভাৱে প্ৰভাৱ পৰিব। পিছে এই দিনটোত বেংক বন্ধ থাকিব নেকি? এই বিষয়ে জানিবলৈ চাওক ভিডিঅ’…