মুখ্য়মন্ত্ৰীলৈ পত্ৰ জুবিন পত্নীৰ, বিজেপিৰ VC ৰ ফটো শ্বেয়াৰ অখিল গগৈৰ, পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ
আজি ৭ জানুৱাৰী, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- বাংলাদেশত নিহত আন এজন সংখ্যালঘুৰ যুৱক। ২০ দিনৰ ভিতৰত ৭ টাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰকাশিত খবৰ অনুসৰি, এইবাৰ মিথুন সৰকাৰ (২৫) নামৰ এজন হিন্দু যুৱকক হত্যাৰ অভিযোগ উত্থাপন হৈছে।
- কংগ্ৰেছৰ সৈতে গোপনে মিতিৰালি কৰিছে মুখ্যমন্ত্ৰীয়ে। পৰাজয়ৰ ভয়তেই গোপন মিতিৰালি মুখ্যমন্ত্ৰীৰ। এই বিস্ফোৰক মন্তব্য AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। নীতিশ কুমাৰৰ দৰেই হিমন্ত বিশ্ব শৰ্মাক পল্টু মুখ্যমন্ত্ৰী আখ্যা নেতাগৰাকীৰ।
- ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধিৰ মাজতে বঙাইগাঁও জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য আৰু সুৰক্ষাৰ স্বাৰ্থত জিলাখনৰ সকলো বিদ্যালয় সাময়িকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশনাত নিৰ্দেশ দিয়া হৈছে যে ২০২৬ চনৰ ৭ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈকে সকলো চৰকাৰী, প্ৰাদেশিক আৰু ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ থাকিব।
- প্ৰয়াত জুবিন গাৰ্গৰ পৰিয়ালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰি এই ঘটনাত ন্যায় সুনিশ্চিত কৰাৰ বাবে আইনী কাঠামো শক্তিশালী কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন বিশদ পত্ৰত পৰিয়ালটোৱে জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া সন্দৰ্ভত অভিজ্ঞ আগশাৰীৰ অধিবক্তা লৈ Special Prosecutor Team গঠন আৰু বিশেষ আদালতৰ ব্যৱস্থাৰ কৰিবলৈ আহ্বান জনাইছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ৰাজহুৱা কৰিছে এই পত্ৰ।
- ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত বিজেপিয়ে হস্তক্ষেপ কৰাৰ অভিযোগৰ পাছতে দিলীপ শইকীয়া ভিচিৰ ফটোৰ সামাজিক মাধ্যমত ৰাজহুৱা বিধায়ক অখিল গগৈৰ। ফটো শ্বেয়াৰ কৰি তেওঁ কয়,”৪ জানুৱাৰী ২০২৬ৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভয়ংকৰ ভিডিঅ’ কনফাৰেন্সখনৰ ফটোবোৰ চাওক। এই Video Conferenceতে দিলীপ শইকীয়াই ভোটাৰ তালিকাৰ SR( Special Revision) ৰ সময়ত ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া বৈধ ভোটাৰৰ নাম কৰ্তনৰ ভয়ংকৰ অভিসন্ধিৰ কথাকৈ মুকলিকৈ স্বীকাৰ কৰিছিল আৰু কৰ্তনৰ বাবে ১২ জানুৱাৰীৰ ভিতৰত বুথভিত্তিক নাম তালিকা জমা দিবলৈ বিধায়ক, বিজেপিৰ জিলা আৰু মণ্ডল সভাপতিসকলক নিৰ্দেশ দিছিল । এই ভিচিখনৰ ভিডিঅ’টো ৰিলিজ কৰক, মোৰ প্ৰত্যাহ্বান !”
- প্ৰায় চাৰি বছৰ ধৰি চলি থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাত প্ৰতিদিনে অধিক মাৰাত্মক হৈ পৰিছে। সংঘাত হ্ৰাস কৰাৰ লক্ষ্যৰে পেৰিছত অনুষ্ঠিত বৈঠকৰ পিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এক উল্লেখযোগ্য বিবৃতি প্ৰকাশ কৰে। তেওঁ কয় যে ইউক্ৰেইনৰ মিত্ৰ দেশসমূহৰ সৈতে পেৰিছত অনুষ্ঠিত হোৱা নিৰাপত্তা বৈঠকখন ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আগ্ৰাসন বন্ধ কৰি শান্তি প্ৰতিষ্ঠাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই বৈঠকৰ পূৰ্বে মেক্ৰনে জেলেনস্কিক সাক্ষাৎ কৰিছিল।