শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সকলোৰে বেংক একাউণ্টত জমা হ’ব ৪৬ হাজাৰকৈ টকা! কি ক’লে চৰকাৰে?

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বাৰ্তা, য’ত কোৱা হৈছে যে দেশৰ জনসাধাৰণৰ ওপৰত আৰ্থিক সংকটৰ বোজা কমাবলৈ কেন্দ্ৰীয় চৰকাৰ বা কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সকলোৰে একাউণ্টত ৪৬ হাজাৰ ৭১৫ টকা জমা কৰিব। ইয়াৰ লগতে ‘Register for Support’ নামৰ লিংক এটাও দিয়া হৈছে।

সকলোৰে বেংক একাউণ্টত জমা হ’ব ৪৬ হাজাৰকৈ টকা! কি ক’লে চৰকাৰে?
প্রতীকি ফটোImage Credit source: Getty images
Trishna Kalita
Trishna Kalita | Published: 07 Jan 2026 12:50 PM

নতুন বছৰত চৰকাৰৰ নতুন অফাৰ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰতিজন গ্ৰাহকৰ একাউণ্টত জমা কৰিব ধন।  সেয়াও মাত্ৰ দুই বা ৩ হাজাৰ টকা নহয়, বিত্ত মন্ত্ৰালয়ে প্ৰতিজন গ্ৰাহকৰ একাউণ্টত ৪৬ হাজাৰ ৭১৫ টকা জমা কৰিব।  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বাৰ্তা। পিছে সঁচাকৈয়ে চৰকাৰে ইমান টকা দিবনে?

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বাৰ্তা, য’ত কোৱা হৈছে যে দেশৰ জনসাধাৰণৰ ওপৰত আৰ্থিক সংকটৰ বোজা কমাবলৈ কেন্দ্ৰীয় চৰকাৰ বা কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সকলোৰে একাউণ্টত ৪৬ হাজাৰ ৭১৫ টকা হস্তান্তৰ কৰিব। ইয়াৰ লগতে ‘Register for Support’ নামৰ লিংক এটাও দিয়া হৈছে।

এই বাৰ্তাটোৰ তথ্য পৰীক্ষা কৰি সম্পূৰ্ণ ভুৱা বুলি উল্লেখ কৰিছে PIB-এ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে এনে কোনো আঁচনি ঘোষণা কৰা নাই বা ৪৬,৭১৫ টকা দিয়াৰ সিন্ধান্ত লোৱা নাই। পিআইবিয়ে কৈছে যে এনে লিংকত কেতিয়াও ক্লিক কৰিব নালাগে কাৰণ এইবোৰ এনে লিংক ফিছিং আঁচনিৰ অংশ। প্ৰৱঞ্চকে এনে লোভনীয় অফাৰ ব্যৱহাৰ কৰি গ্ৰাহকৰ বেংকৰ তথ্য চুৰি কৰে।