শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Independence Day 2025 Speech: স্বাধীনতা দিৱসত শিক্ষাৰ্থীসকলৰ বাবে সহজ ভাষণৰ ধাৰণা

ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। এই ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদ্‌যাপন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখি স্কুল-কলেজত বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হয়।

Independence Day 2025 Speech: স্বাধীনতা দিৱসত শিক্ষাৰ্থীসকলৰ বাবে সহজ ভাষণৰ ধাৰণা
স্বাধীনতা দিৱসত শিক্ষাৰ্থীসকলৰ বাবে সহজ ভাষণৰ ধাৰণা
barasha-misra
Barasha Misra | Published: 13 Aug 2025 22:30 PM

৭৯ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী। এই বিশেষ দিনটো উদযাপন কৰিবলৈ সাজু হৈছে দেশ। ঐতিহাসিক ক্ষণটি উদযাপন কৰাৰ বাবে সকলো সাজু।

ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। এই ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদ্‌যাপন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখি স্কুল-কলেজত বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হয়।

ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়।

স্বাধীনতা দিৱসৰ মূল কাৰ্য্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদ্দেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়। বিদ্যালয়-মহাবিদ্যালয় আৰু বিভিন্ন কাৰ্যালয়ত এই দিনটোত বিভিন্ন কাৰ্যসূচীৰে পতাকা উত্তোলন কৰা হয়। য’ত শিশুকে ধৰি সকলোৱে স্বাধীনতা দিৱসৰ বাবে ভাষণ দিব লাগে। বহুতে কিদৰে ভাষণ আৰম্ভ কৰিব আৰু কি কি কব তাৰ বিষয়ে বুজি নাপায়। আজি সেই সমস্যা দূৰ কৰিবলৈ আনিছোঁ কেইটামান সহজ উপায়..

ভাষণ (15th August Essay and Speech ideas)

স্কুল বা কলেজৰ বাবে ভাষণ আৰু ৰচনা প্ৰস্তুত কৰিবলৈ কিছুমান ধাৰণা আৰু টিপছ আগবঢ়োৱা হ’ল, যাতে ছাত্ৰ-ছাত্ৰীসকলে সহজ ভাষাত নিজৰ ভাষণ প্ৰস্তুত কৰিব পাৰে।

প্ৰথমে নমস্কাৰ! সেই সময়ত উপস্থিত থকা প্ৰতিজন লোকক সন্মান জনাব। তাৰ পিছত আৰম্ভ কৰিব দেশৰ বাবে এই দিনটো অতি বিশেষ কাৰণ ১৯৪৭ চনত, ১৫ আগষ্টত আমি ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিলো ৷ স্বাধীনতা সংগ্ৰামীসকলে দেশক মুক্ত কৰাৰ বাবে সংগ্ৰাম আৰু ত্যাগ কৰিছিল আৰু তেওঁলোকৰ অৱদান আমি সদায় মনত ৰখা উচিত ৷ আজিৰ দিনটোৱে আমাক সোঁৱৰাই দিয়ে সেই স্বাধীনতা সংগ্ৰামীসকলৰ কথা ৷

মহিলা স্বাধীনতা সংগ্ৰামীৰ ভূমিকা

অসমৰ কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, ঝাঁচীৰ ৰাণী লক্ষ্মীবাই, সৰোজিনী নাইডুৰ দৰে সাহসী মহিলাৰ অৱদান আলোকপাত কৰক। ইয়াৰ বাহিৰেও নাৰীৰ ভূমিকা কৈ ভাষণ আৰম্ভ কৰিব পাৰে।

ভাৰত স্বাধীনৰ কাহিনী

১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনলৈকে ডাঙৰ ডাঙৰ পৰিঘটনাসমূহ ছাত্ৰ-ছাত্ৰীসকলে ভাষণত অন্তৰ্ভুক্ত কৰিব পাৰে। মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু আদি নেতাৰ ভূমিকাক আলোকপাত কৰক। শেষত অতীতৰ ত্যাগক বৰ্তমানৰ দায়িত্বৰ সৈতে সংযোগ কৰি এটা ভাল ভাষণ প্ৰস্তুত কৰক।

জাতীয় পতাকাৰ মহত্ব

জাতীয় পতাকাৰ ৰং আৰু অশোক চক্ৰৰ তাৎপৰ্য। ইয়াৰ পিছত স্বাধীনতা দিৱসৰ কথা কৈ আৰম্ভ কৰিব পাৰে।

ত্ৰিৰংগ অভিযান আৰু দেশপ্ৰেম

দেশৰ প্ৰতিটো ঘৰতে ত্ৰিৰংগ অভিযানৰ সৈতে সংযোগ কৰি আপোনাৰ ভাষণ প্ৰস্তুত কৰাত সহজ হ’ব। দেশত চলি থকা দেশপ্ৰেম অভিযানৰ গুৰুত্ব আৰু প্ৰভাৱৰ বিষয়ে বুজাই ভাষণ প্ৰস্তুত কৰিব পাৰে।

লগতে পঢ়ক- অসমৰ কেইগৰাকীমান স্বাধীনতা সংগ্ৰামীৰ জীৱন গাঁথা