শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি ২৯ জানুৱাৰীৰ দিনটোত ক’ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস…

আজি,২৯ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ক'ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস...।

আজি ২৯ জানুৱাৰীৰ দিনটোত ক’ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস…
Manas Borah
Manas Borah | Published: 29 Jan 2026 07:00 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ ২৯ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে ভাৰতৰ প্ৰথমখন জাম্বো ট্ৰেইন তামিলনাডু এক্সপ্ৰেছক নতুন দিল্লীৰ পৰা মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)লৈ ফ্লেগ অফ কৰা হয়। ভাৰত এছ’চিয়েচন অৱ চাউথ ইষ্ট এছিয়ান নেচনছ (আছিয়ান)ৰ অংশীদাৰ হয়।

তদুপৰি আজিৰ দিনটোতে ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰে মেৱাৰৰ ৰাণা সংগক পৰাস্ত কৰি চান্দেৰী দুৰ্গ দখল কৰে। ২৯ জানুৱাৰীৰ দিনটোত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসত লিপিবদ্ধ হোৱা অন্যান্য উল্লেখযোগ্য ঘটনা পৰিঘটনা চাওঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৫২৮ চনত ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰে মেৱাৰৰ ৰজা ৰাণা সংগক পৰাস্ত কৰি চান্দেৰী দুৰ্গ দখল কৰে।
  2. ১৯১৬ চনত জাৰ্মানীয়ে প্ৰথম বিশ্বযুদ্ধত প্ৰথমবাৰৰ বাবে ফ্ৰান্সক আক্ৰমণ কৰে।
  3. ১৯৩৯ চনত ৰামকৃষ্ণ মিছন ইনষ্টিটিউট অৱ কালচাৰ প্ৰতিষ্ঠা হয়।
  4. ১৯৪২ চনত জাৰ্মান আৰু ইটালীৰ সৈন্যই লিবিয়াৰ বেনগাজী দখল কৰে।
  5. ১৯৪৯ চনত ব্ৰিটেইনে ইজৰাইলক স্বীকৃতি দিয়ে।
  6. ১৯৭০ চনত শ্বুটিঙত অলিম্পিক পদক বিজয়ী কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ জন্ম হয়।
  7. ১৯৭৯ চনত ভাৰতৰ প্ৰথমখন জাম্বো ট্ৰেইন (দুটা ইঞ্জিনযুক্ত) তামিলনাডু এক্সপ্ৰেছক নতুন দিল্লী ষ্টেচনৰ পৰা মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)লৈ ফ্লেগ অফ কৰা হয়।
  8. ১৯৮৯ চনত ছিৰিয়া আৰু ইৰাণে লেবাননত সংঘাত বন্ধ কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰে।
  9. ১৯৯২ চনত ভাৰত আছিয়ানৰ আঞ্চলিক অংশীদাৰ হয়।
  10. ১৯৯৪ চনত ভাৰত চৰকাৰে ১৯৫৩ চনৰ এয়াৰ কৰ্পৰেশ্যন এক্ট বাতিল কৰে।