দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া অসমৰ কেইগৰাকীমান স্বাধীনতা সংগ্ৰামীৰ জীৱন গাঁথা
সমাগত ৭৯ সংখ্যক স্বাধীনতা দিৱস। দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল অসমৰ বহুলোকে। মাতৃভূমিৰ স্বাধীনতাৰ হকে নিজৰ জীৱন অহোপুৰুষাৰ্থ কৰা নমস্য স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাৰে সোৱৰিছোঁ।

দেশৰ স্বাধীনতা সংগ্ৰামত দেশৰ ভিন্ন প্ৰান্তৰ দৰে অসমতো ক্ষোভৰ জুই জ্বলি উঠিছিল। বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুয়ে এফালৰ পৰা সকলোকে সাজু কৰিছিল । এই সংগ্ৰামত দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহুলোক চিৰদিনলৈ ঘূণীয়া হৈ পৰিছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, তৰুণ ৰাম ফুকন, ভোগেশ্বৰী ফুকননী আদিৰ প্ৰাণত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল। ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে জানক দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া অসমৰ কেইগৰাকীমান স্বাধীনতা সংগ্ৰামীৰ বিষয়ে-
ভোগেশ্বৰী ফুকননী
ভোগেশ্বৰী ফুকননী ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় যুঁজাৰু আছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত তেখেত শ্বহীদ হৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে তেওঁ সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। এই সময়ছোৱাত ফাটেকলৈকো যাব লগা হৈছিল। বিয়াল্লিছৰ গণ-আন্দোলনৰ সময়ত নগাঁৱত সৰ্বাত্মক ৰূপত আন্দোলনে এই গা কৰি উঠিছিল৷ সেইসময়ত নগাঁৱত দহখন প্ৰাথমিক কংগ্ৰেছ কমিটি লৈ একোখন শাখা সমিতি গঠন কৰা হৈছিল। বঢ়মপুৰ, হালোৱাগাঁও, কন্দলি, চাপানলা, পুৰণিগুদাম, নিকামূল, আৰু আউনিআটি – এই সাতখন শাখাৰ বঢ়মপুৰেই আছিল কেন্দ্ৰ। এই বঢ়মপুৰতেই বেবেজীয়া, বাৰপূজীয়া আৰু জোঙালবলহুত একেদিনাই শ্বহীদ হোৱা পাঁচজন শ্বহীদৰ স্মৃতিত “পঞ্চবীৰ শ্বহীদ দিৱস’’ৰ আয়োজন কৰা হৈছিল। সেইদিনাই ওচৰৰ আটাইকেইখন গাঁৱৰ লোক সমবেত হৈ ভোজ-ভাত খাবৰো দিহা কৰিছিল। শ শ ৰাইজ মিলি একেলগে ভোজ খোৱা আৰম্ভ কৰোঁতেই মিলিটাৰী কামাণ্ডাৰ মি: ফিন্স, জিলাৰ বিশেষ দণ্ডাধীশ মি: ৰুছ, আৰক্ষী উপ-অধীক্ষক ভবানী বৰুৱা, আৰু শালনা বাগানৰ মেনেজাৰ মি: ক্লাৰ্ক সৈন্য-সামন্ত লৈ সেই ঠাইত উপস্থিত হয় আৰু নিৰ্বিচাৰে এফালৰ পৰা ৰাইজৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰে। এই কথা বিজুলীবেগে প্ৰচাৰ হোৱাত ওচৰৰ ঠাইবোৰৰ পৰা শ শ মানুহ পুনৰ কংগ্ৰেছৰ পতাকা হাতত লৈ ওলাই আহি চৰকাৰীপক্ষক আগচি ধৰে। মি: ফিন্স আৰু মেনেজাৰ ক্লাৰ্কে ৰাইজৰ হাতৰ পৰা পতাকা কাঢ়ি লৈ ভৰিৰে মোহাৰিবলৈ ধৰিলে। এনেতে ভোগেশ্বৰী ফুকননীয়ে হাতত পতাকা লৈ কামাণ্ডাৰৰ সম্মুখত থিয় হয়। নুমলীয়া জীয়েক ৰত্নায়ো হাতত পতাকা লৈ আগবাঢ়ি অহাত কামাণ্ডাৰৰ সৈতে তেওঁৰ টনা-আঁজোৰা লাগে। ভোগেশ্বৰী ফুকননীয়ে সেই কাৰ্যত বাধা দিয়াত কামাণ্ডাৰৰ টুপীটো খুলি মাটিত পৰি যায় আৰু লগে লগে তেওঁ ভোগেশ্বৰীলৈ গুলী কৰে।
কনকলতা বৰুৱা
কনকলতা বৰুৱা আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলিত তেওঁ শ্বহীদ হয়। তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত ‘মৃত্যু বাহিনী’ত যোগ দি ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত (গহপুৰ, বিহালি, চতিয়া আৰু ঢেকীয়াজুলি) উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। তাৰ বাবে মৃত্যু বাহিনী তৈয়াৰ কৰা হৈছিল। গহপুৰত গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলি থাকোঁতেই গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যু বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকা গৰাকী আছিল কনকলতা বৰুৱা। থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে। ফলত কনকলতা মাটিত বাগৰি পৰি থানাৰ সম্মুখতে শ্বহীদ হয়। উল্লেখ্য যে, কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল’বলৈ চেষ্টা কৰোঁতে পুলিচৰ গুলীত তেওঁ একে স্থানতে শ্বহীদ হয়। কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানতে বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সম্মুখৰ বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ব মূৰ্তি যুগল প্ৰতিষ্ঠিত হৈ আছে। অসমীয়া আৰু ভাৰতীয় নাৰী সকলে পৰবৰ্তী সময়ত এই মহান বলীদানক অনুপ্ৰেৰণা হিচাপে লৈ ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰে।
তৰুণ ৰাম ফুকন
তৰুণ ৰাম ফুকন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অসমৰ নেতা আছিল। তেওঁ এগৰাকী সুদক্ষ বক্তা হোৱাৰ উপৰি চিকাৰী আৰু লেখক আছিল। স্বাধীনতা আন্দোলনত আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত কৰা হয়। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিশেষ স্থান অধিকার কৰে।
তৰুণৰাম ফুকনৰ জন্ম ১৮৬২ চনত অসমৰ জোনাকী নীলা গ্ৰামত। তেওঁৰ পিতৃ গোপাল ফুকন আৰু মাতৃ ভূৱনেশ্বৰী ডেকা, উভয়ে সংস্কৃতিমূলক পৰিৱেশত সৰু সৰা হৈছিল। তেওঁ সৰু বয়সতে শিক্ষা গ্ৰহণ কৰা সময়তে ভাৰতৰ বুজি-বুজি আৰু বিদেশী শাসনৰ প্ৰতিবাদৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰে।
তৰুণৰাম ফুকন ১৯৪২ চনৰ “বিচাৰ নিগ্ৰহ” আন্দোলনৰ সময়ত বীৰত্বৰ এক উদাহৰণ স্থাপন কৰিছিল। তেওঁ আৰু তেওঁৰ সহকৰ্মীসকলে গুৱাহাটীলৈ এক বৃহৎ জনসাধাৰণৰ সমাবেশৰ আয়োজন কৰে। তেওঁ এই সমাবেশত স্বাধীনতা আৰু জাতীয়তা সংৰক্ষণৰ বাবে জাতীয় প্ৰতিনিধি হিচাপে বিৰক্তি প্ৰকাশ কৰে।
তেওঁৰ সাহস আৰু দৃঢ়তাৰ ফলস্বৰূপে, তেওঁৰ আন্দোলনে ব্ৰিটিছ শাসনক সংকটত পেলাইছিল। বিভিন্ন সময়ত, তেওঁজন দেশপ্রেমী হিচাপে বন্দী হৈছিল, কিন্তু তেওঁ এই অত্যাচাৰৰ বিৰুদ্ধে অৱৰোধ নকৰা। তেওঁ জাতীয় কংগ্ৰেছৰ সদস্য হৈ ভাৰতৰ স্বাধীনতাৰ বাবে আন্দোলন কৰিব পৰা অন্যতম নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে।
তেওঁৰ দেশভক্তিৰ জোৰে অসংখ্য যুবকক স্বাধীনতা আন্দোলনলৈ আকৃষ্ট কৰে। তেওঁজন এক সজাগ নেতৃত্ব দান কৰি, অসমৰ জনতাক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগঠিত কৰে। তেওঁৰ বীৰত্ব আৰু দেশভক্তিৰ বাবে তেওঁ অসমৰ লোকে সদায় মনত ৰাখিব। তেওঁৰ জীৱনৰ আদৰ্শ আৰু কৰ্মই নতুন প্ৰজন্মলৈ এক শক্তিশালী প্ৰেৰণা দিয়ে।
মণিৰাম দেৱান
মণিৰাম দেৱান উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ জন্ম হয় ১৮০৬ চনৰ ১৭ এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত। তেওঁৰ পিতৃৰ নাম মুক্তিয়াৰ ৰামদত্ত আৰু মাকৰ নাম কৌশল্যা আছিল। মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত অসমীয়া ভাষাত “বুৰঞ্জী বিবেক ৰত্ন” নামৰ এখন পুথি ৰচনা কৰিছিল। কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰবন্ধ পাতি লিখিছিল। সাধাৰণ মানুহে তেওঁক “কলিতা-ৰজা” নাম দিছিল।
১৮৫২ চনত পুৰন্দৰ সিংহৰ পুত্ৰ চাৰিংৰজা কামেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেওঁৰ নাবালক পুত্ৰ কন্দৰ্পেশ্বৰ সিংহ চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল। ১৮৫৭চনৰ শেষৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ ব্ৰিটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ ব্ৰিটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়। সেই সময়তে ভাৰতত চলি থকা চিপাহী বিদ্ৰোহৰ কথা জানিব পাৰি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হ’বৰ বাবে কলিকতাৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখন ব্ৰিটিছৰ আৰক্ষী বিষয়া হৰনাথ দাৰোগাৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।