Independence Day 2025: সমাগত স্বাধীনতা দিৱস, জানক ১৫ আগষ্টৰ ইতিহাস আৰু তাৎপৰ্য
অহা ১৫ আগষ্টত ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই বিশেষ দিনটো উদযাপন কৰিবলৈ সাজু হৈছে দেশ। ঐতিহাসিক ক্ষণটি উদযাপন কৰাৰ পূৰ্বে এই দিনটোৰ ইতিহাস তথা গুৰুত্বৰ বিষয়ে এক আভাস লও আহক।

ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। এই ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদ্যাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়।
স্বাধীনতা দিৱসৰ মূল কাৰ্য্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদ্দেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়।
ইতিহাস
১৭ শতিকাৰ আৰম্ভণিৰেপৰা ভাৰতবৰ্ষত ইংৰাজে উপনিবেশ স্থাপন কৰিছিল। শক্তিশালী সামৰিক বাহিনীৰ সহায়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে স্থানীয় ৰাজত্ব সমূহক বশীভূত কৰি ১৮ শতিকাত নিজকে আটাইতকৈ শক্তিশালী গোট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত বলবৎ হোৱা Government of India Act 1858 এ ব্ৰিটিছৰ বাবে পোনপটিয়াকৈ ভাৰত শাসন কৰাৰ পথ সুগম কৰি দিয়ে। পৰৱৰ্ত্তী কালত ভাৰতবৰ্ষৰ চুকে কোণে জনসাধাৰণৰ মাজত স্বাধীনতা লাভৰ আকাংক্ষা তীব্ৰতৰ হ’বলৈ ধৰিলে। ১৮৮৫ চনত প্ৰতিষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে এই আকংক্ষাক এক প্ৰবল স্বাধীনতা আন্দোলনৰ ৰূপ দিয়াত আগভাগ লয়।
প্ৰথম বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাত ব্ৰিটিছে Montagu–Chelmsford Reforms কে ধৰি কিছু সংশোধনী আৰম্ভ কৰিছিল যদিও একে সময়তে ৰৱাল্ট আইন (Rowlatt Act) ৰ দৰে কঠোৰ আইনৰো বলবৎ কৰাত ভাৰতীয় জনসাধাৰণ প্ৰতিবাদী হৈ উঠে। ইয়াৰে ফলস্বৰূপে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি অসহযোগ আৰু অহিংস আন্দোলন গঢ় লৈ উঠে।
১৯৩০ চনৰ সময়ত ব্ৰিটিছৰ সংশোধনী আইন বলবৎ কৰাৰ পিছত নিৰ্বাচনসমূহত জাতীয় কংগ্ৰেছে সফলতা লাভ কৰিবলৈ সক্ষম হয়। কিন্তু পৰৱৰ্ত্তী দশকটোত কেইবাটাও ঘটনাই ভাৰতৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তোলে। ইয়াত অৰিহণা যোগোৱা প্ৰধান ঘটনাসমূহ হ’ল, দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ অংশগ্ৰহণ, অসহযোগ আন্দোলনৰ তীব্ৰতা বৃদ্ধি, ভাৰতীয় মুছলিম লীঘৰ নেতৃত্বত মুছলিম জাতীয়তাবাদৰ উত্থান ইত্যাদি। ইয়াৰে সামূহিক প্ৰভাৱৰ ফলশ্ৰুতি হিচাপে ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰে আৰু একেসময়তে দেশ বিভাজনো হয়।
ইয়াৰোপৰি ১৯৪৬ চনত দ্বিতীয় বিশ্বযুদ্ধই জুৰুলি কৰা ব্ৰিটেইনৰ চৰকাৰে ভাৰতৰ ৰাজনৈতিক অস্থিৰতা দুৰ কৰাত হোৱা বিফলতা স্বীকাৰ কৰি লয়। অৱশেষত ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ক্লীমেণ্ট এটলী (Clement Attlee) এ ১৯৪৮ চনৰ ভিতৰ ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে।
সেইসময়তে নতুনকৈ হোৱা ভাইচৰয় লুইছ মাইণ্টবেটেন (Louis Mountbatten) এ ক্ংগ্ৰেছ আৰু মুছলিম লীগৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থকা বিৰোধে হিংসুক ৰূপ লোৱাৰ আশংকা কৰি এই স্বাধীনতা প্ৰদানৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলে। তেওঁ দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্মসমৰ্পণ কৰাৰ দ্বিতীয় বাৰ্ষিকীৰ দিনটো অৰ্থাৎ ১৫ আগষ্টৰ দিনটো ইয়াৰ বাবে ঠিক কৰে। ১৯৪৭ চনৰ ৩ জুন তাৰিখে ব্ৰিটিছ চৰকাৰে দেশ বিভাজনৰ দাবী গ্ৰহণ কৰে। ভাৰতীয় স্বাধীনতা আইন ( Indian Independence Act 1947) ৰ মতে অৱশেষত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামেৰে বিভাজন কৰা হয়।
লগতে পঢ়ক- স্বাধীনতা দিৱসৰ সহজ ভাষণ