Bank Job: বেংকত ওলাইছে চাকৰি! মাহে লাভ কৰিব প্ৰায় ৮৫,০০০ টকা, কেনেকৈ আবেদন কৰিব জানক…
Bank Job: বেংকত চাকৰি কৰিব বিচৰাসকলৰ বাবে আছে এক ডাঙৰ সুযোগ। বেংকত ওলাইছে চাকৰি। পৰীক্ষাৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে আবেদনকৰ
আপুনিও বেংকত কাম কৰিব বিচাৰে নেকি? তেন্তে বেংকত কাম কৰাৰ আছে এক বিশেষ সুযোগ। এক্সিম বেংক (Exim Bank)য়ে ২০২৬ চনৰ বাবে মেনেজমেণ্ট ট্ৰেইনী (Management Trainee)পদৰ বাবে নিযুক্তি মুকলি কৰিছে। ইয়াৰে ৪০ টা পদ যুৱক-যুৱতীৰ বাবে। ইতিমধ্যে এই পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ১৭ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। আবেদনৰ অন্তিম তাৰিখ ১ ফেব্ৰুৱাৰী, ২০২৬। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনি কৰিব পাৰে আবেদন। যদি আপুনি এই পদৰ বাবে ইচ্ছুক আৰু যোগ্য তেন্তে বেংকৰ অফিচিয়েল ৱেবছাইট eximbankindia.in ত গৈ আবেদন কৰিব পাৰে।
মাচুল
- সাধাৰণ আৰু অবিচিঃ ৬০০ টকা
- SC, ST, EWS, দিব্যাংগ আৰু মহিলাঃ ১০০ টকা।
- উল্লেখ কৰা প্ৰয়োজন যে, প্ৰাৰ্থীসকলে মাচুল অনলাইনৰ দ্বাৰা জমা দিব লাগিব।
অৰ্হতা
এই পদৰ বাবে আবেদন কৰিবলৈ স্নাতক হ’ব লাগিব। যিকোনো ষ্ট্ৰীমত তিনি বছৰীয়া, পূৰ্ণকালীন স্নাতক ডিগ্ৰী কমেও ৬০% নম্বৰৰ সৈতে উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ লগতে বিত্ত, আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়, বা বৈদেশিক বাণিজ্যৰ বিশেষজ্ঞতা থকা দুবছৰীয়া, পূৰ্ণকালীন ডিগ্ৰী যেনে এম বি এ, পি জি ডি বি এ, পি জি ডি বি এম, এম এম এছ, বা চি এৰ প্ৰয়োজন। ২০২৬ চনৰ জানুৱাৰীত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণসকলেও আবেদন কৰিব পাৰিব।
ইয়াৰোপৰি প্ৰাৰ্থীসকলৰ বয়স ২১ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি, সংৰক্ষিত শ্ৰেণীৰ লোকে কিছু শিথিলতা লাভ কৰিব।
নিৰ্বাচন প্ৰক্ৰিয়া
প্ৰথমে লিখিত পৰীক্ষা আৰু পাছত সাক্ষাৎকাৰ লোৱা হ’ব। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহতে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। শীঘ্ৰেই বেংকটোৱে পৰীক্ষাৰ আৰ্হি আৰু পাঠ্যক্ৰম বেংকৰ ৱেবচাইটত আপলোড কৰিব। নিৰ্বাচিত প্ৰাৰ্থীসকলে এবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব, এই সময়চোৱাত তেওঁলোকে ৬৫,০০০টকা ষ্টাইপেণ্ড লাভ কৰিব।
পদোন্নতি
প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰাৰ্থীসকলক ডেপুটি মেনেজাৰ (জেএমআই) পদত নিযুক্তি দিয়া হ’ব। এই পদৰ বাবে প্ৰাৰ্থীয়ে ৪৮,৪৮০ টকাৰ পৰা ৮৫,৯২০ টকাৰ ভিতৰত দৰমহা লাভ কৰিব। ইয়াৰ ভিতৰত অন্যান্য ভাট্টা আৰু সুবিধাও থাকিব। অধিক জানিবলৈ বেংকৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।
অন্য খবৰ পঢ়কঃ ডাকঘৰত খালী ২৮,৭৪০ টা পদ, ক’ত কেনেকৈ আবেদন কৰিব জানক…