শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Independence Day 2025 Speech: শিক্ষাৰ্থীসকলৰ বাবে স্বাধীনতা দিৱসৰ সহজ ভাষণ, সকলোৱে কৰিব প্ৰশংসা!

Independence Day Speech in Assamese : সমাগত স্বাধীনতা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানত বহু কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বক্তৃতা প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি ৰচনা লিখা এই কাৰ্যসূচীসমূহো এক গুৰুত্বপূৰ্ণ অংশ।

Independence Day 2025 Speech: শিক্ষাৰ্থীসকলৰ বাবে স্বাধীনতা দিৱসৰ সহজ ভাষণ, সকলোৱে কৰিব প্ৰশংসা!
শিক্ষাৰ্থীসকলৰ বাবে স্বাধীনতা দিৱসৰ ভাষণImage Credit source: TV9 Bharatvarsh
barasha-misra
Barasha Misra | Updated On: 06 Aug 2025 08:23 AM

স্বাধীনতা দিৱসলৈ আৰু কিছুদিন বাকী আছে। সমগ্ৰ দেশত এই বিশেষ দিনটো উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। স্বাধীনতা দিৱস হৈছে এনে এক অনুষ্ঠান যিয়ে আমাৰ দেশৰ স্বাধীনতাৰ বাবে কৰা সংগ্ৰাম আৰু ত্যাগৰ কথা সোঁৱৰাই দিয়ে। প্ৰতি বছৰে ১৫ আগষ্ট তাৰিখে ভাৰতৰ স্বাধীনতা উদযাপন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখি বিভিন্নধৰণৰ শৈক্ষিক কাৰ্যকলাপো অনুষ্ঠিত কৰে।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই দিনটো বিশেষ কৰি তুলিবলৈ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানত বহু কাৰ্যসূচীৰ আয়োজন কৰা হয়। বক্তৃতা প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি ৰচনা লিখা এই কাৰ্যসূচীসমূহো এক গুৰুত্বপূৰ্ণ অংশ।

যদি আপুনি কলেজীয়া ছাত্ৰ আৰু স্বাধীনতা দিৱস উপলক্ষে ভাষণ দিবলৈ ওলাইছে তেন্তে আপোনাৰ বাবে কিছুমান ডাঙৰ ডাঙৰ বিষয় তলত আগবঢ়োৱা হৈছে। ইয়াৰে যিকোনো এটা বাছি লৈ তাৰ ওপৰত ভাষণ দিব পাৰে। এই ভাষণৰ ধাৰণাবোৰে সকলোকে অনুপ্ৰাণিত কৰিব।

স্বাধীনতা দিৱসত ভাষণ কেনেকৈ আৰম্ভ কৰিব?

সন্মানীয় প্ৰধান শিক্ষক মহোদয়, ছাৰ-বাইদেউ আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল… এইদৰে নিজৰ ভাষাত আৰম্ভ কৰিব। তাৰ পিছত ক’ব আমি সকলোৱে জানো যে আজিৰ দিনটোত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল। আজি ১৫ আগষ্ট, এই তাৰিখটো ভাৰতত পালন কৰা হয়। ইয়াৰ পিছত আপুনি স্বাধীনতা দিৱসৰ বিষয়ে কিছু কথা উল্লেখ কৰিব।

স্বাধীনতা দিৱসৰ ভাষণৰ বিষয়সমূহ(Independence Day 2025 Speech)

  1. মহাত্মা গান্ধীৰ ভূমিকাঃ শিক্ষাৰ্থীসকলে ভাষণৰ বিষয়বস্তু হিচাপে মহাত্মা গান্ধীৰ ভূমিকা আৰু সত্যগ্ৰহ আৰু অহিংসাৰ গুৰুত্বৰ ওপৰত দিব পাৰে।
  2. ইয়াৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কাহিনী:১৮৫৭ চনৰ পৰা ১৯৪৭ চনলৈ যাত্ৰাক বিষয়বস্তু বিচাপে লৈ উপস্থাপন কৰিব পাৰে।
  3. ভগত সিঙৰ অৱদান, সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজ, লাল বাহাদুৰ শাস্ত্ৰীৰ “জয় জৱান, জয় কিষাণ, বাল গংগাধৰ তিলকৰ “স্বৰাজ মোৰ জন্মগত অধিকাৰ,  চন্দ্ৰশেখৰ আজাদৰ বীৰত্ব, ড° ভীমৰাও আম্বেদকাৰৰ অৱদান আদি ভাষণৰ অতি উত্তম বিষয়।
  4. ইয়াৰোপৰি মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানঃ সৰোজিনী নাইডু, ৰাণী লক্ষ্মীবাই, অৰুণা আছাফ আলী আদিৰ বিষয়েও ভাষণত অন্তৰ্ভুক্ত কৰিব পাৰে।
  5. জালিয়ানৱালা বাগ হত্যাকাণ্ড, ভাৰত ত্যাগ আন্দোলন, দাণ্ডী যাত্ৰাৰ তাৎপৰ্য আদিকো ভাষণৰ আধাৰ হিচাপে ল’ব পাৰে।
  6. ভাৰতীয় পতাকাৰ ইতিহাস, স্বাধীনতা দিৱসৰ পেৰেডৰ পৰম্পৰা,  আধুনিক ভাৰতৰ প্ৰত্যাহ্বানসমূহ, স্বাধীনতাৰ পিছত ভাৰতৰ বৈদেশিক নীতি আদি বিষয়ো ভাষণত অন্তৰ্ভুক্ত কৰিব পাৰে।

এই বিষয়বোৰে আপোনাৰ ভাষণক অৰ্থপূৰ্ণ আৰু ফলপ্ৰসূ কৰি তোলাই নহয়, আপোনাৰ চিন্তাধাৰাক সঠিক দিশত উপস্থাপন কৰাত সহায় কৰিব।