শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Independence Day Wishes: সমাগত স্বাধীনতা দিৱস, আপোনজনক এইদৰে দিয়ক স্বাধীনতা দিৱসৰ শুভেচ্ছা

মাগত ৭৯ সংখ্যক স্বাধীনতা দিৱস। চৌদিশে স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে পেৰেডৰ অনুশীলন। এই বিশেষ দিনটোত আপোনজনক দিয়ক শুভেচ্ছা বাৰ্তা...

Independence Day Wishes: সমাগত স্বাধীনতা দিৱস, আপোনজনক এইদৰে দিয়ক স্বাধীনতা দিৱসৰ শুভেচ্ছা
দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা
barasha-misra
Barasha Misra | Updated On: 12 Aug 2025 17:59 PM

Independence Day : সমাগত স্বাধীনতা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানত বহু কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বক্তৃতা প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি ৰচনা লিখা এই কাৰ্যসূচীসমূহো এক গুৰুত্বপূৰ্ণ অংশ। স্বাধীনতা দিৱস হৈছে এনে এক অনুষ্ঠান যিয়ে আমাৰ দেশৰ স্বাধীনতাৰ বাবে কৰা সংগ্ৰাম আৰু ত্যাগৰ কথা সোঁৱৰাই দিয়ে। প্ৰতি বছৰে ১৫ আগষ্ট তাৰিখে ভাৰতৰ স্বাধীনতা উদযাপন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখি বিভিন্নধৰণৰ শৈক্ষিক কাৰ্যকলাপো অনুষ্ঠিত কৰে।

এইবাৰ স্বাধীনতা দিৱসত আপুনি বন্ধুৰ লগতে আপোনজনক কি বাৰ্তাৰে শুভেচ্ছা জনাব তাৰে এক আভাস এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে । আপুনি এই বাৰ্তাসমূহ বন্ধুৰ লগতে আপোনজনক প্ৰেৰণ কৰিব পাৰিব ।

  1. সমগ্র ভাৰতবৰ্ষৰ সকলো জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্রতিগৰাকী ব্যক্তিক ৭৯ সংখ্যাক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।
  2. আমি সুৱৰিছোঁ প্ৰতিজন ভাৰতীয়ৰ ত্যাগ আৰু বলিদান, যিসকলে নিজৰ জীৱনকো তুচ্ছ কৰি দেশৰ স্বাধীনতাৰ বাবে হেলাৰঙে প্ৰাণ দিছিল…ধন্যবাদ সেইসকল ব্যক্তিক, যাৰ বাবে স্বাধীন দেশৰ নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰকণ পাইছোঁ।
  3. আমি সকলোৱে স্বাধীনতা দিৱস উদযাপন কৰোঁ স্বাধীন মনেৰে। ত্ৰিৰংগৰ তলত থিয় হৈ আমি গাওঁ- জন গণ মন অধিনায়ক জয় হে…
  4. এয়া আমাৰ ত্ৰিৰংগা পতাকা উৰুওৱাৰ সময়, এয়া নতুন ভাৰতৰ স্বাভিমান উদযাপন কৰাৰ সময়।
  5. সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আহক আমি সকলোৱে স্বাধীন ভাৰতৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক স্মৰণ কৰি তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰোঁ।
  6. অশেষ সংগ্ৰামৰ ফলশ্ৰুতিত ব্ৰিটিচৰ দুশ বছৰীয়া শাসনৰ অন্ত পেলাই দেশবাসীয়ে লাভ কৰিছিল স্বাধীনতা। এই স্বাধীনতাৰ গৌৰৱোজ্জ্বল ৭৯ সংখ্যক বৰ্ষ উদযাপন কৰো আহক।