ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা
আজি ১৯ ডিচেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দিনটোৰ আৰম্ভণিতে চাওঁ আহক ইতিহাস।
বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ ১৯ ডিচেম্বৰৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন। ১৯৩৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ জন্ম হয়। তেওঁ এগৰাকী ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ লগতে অধিবক্তাও। ২০০৭ চনৰ পৰা ২০১২ চনলৈ ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰতিভা পাটিলে। ভাতৰত প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি আছিল তেওঁ।
প্ৰতিভা পাটিলে প্ৰথমবাৰৰ বাবে ১৯৬৭ চনত মহাৰাষ্ট্ৰ বিধানসভালৈ নিৰ্বাচিত হয়। ইয়াৰ পাছতে ১৯৮৫ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ১৯৯১ চনৰ দশম লোকসভা নিৰ্বাচনত অমৰাৱতী সমষ্টিক প্ৰতিনিধিত্ব প্ৰতিভাৱ পাটিলে। তেওঁ ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে ২০০৪ চনৰ ৮ নৱেম্বৰত ৰাজস্থানৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল হিচাপে নিযুক্ত হয়। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা অন্যান্য পৰিঘটনা।
দিনটোৰ ইতিহাস
১৯০২ চনত প্ৰথমবাৰৰ বাবে অনুসন্ধানত প্ৰক্ৰিয়াত কোনো ব্যক্তিৰ আঙুলিৰ ছাপ ব্যৱহাৰ কৰা হয়।
১৯০৭ চনত পেনচিলভেনিয়াৰ ৱেষ্টম’ৰলেণ্ড কাউণ্টিৰ ৰোষ্ট্ৰেভাৰ টাউনশ্বিপৰ ভেন মিটাৰত হোৱা ডাৰ মাইন দুৰ্যোগত ২৩৯ জন কয়লা খনি শ্ৰমিকৰ মৃত্যু হয়। ই পেনচিলভেনিয়াৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ কয়লা খনন দুৰ্যোগ হিচাপে স্থান লাভ কৰে।
২০২১ চনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে গুৱাহাটী গীতানগৰস্থিত শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰ শান্তি আশ্ৰমত ভগৱান শ্ৰীকৃষ্ণৰ ২৪ অৱতাৰ চিহ্নিত বস্ত্ৰ উন্মোচন কৰে।
২০২১ চনত অসমৰ পৰ্যটন ক্ষেত্ৰলৈ এক নতুন দুৱাৰ মুকলি কৰি শুভাৰম্ভ হয় গুৱাহাটী-নাহৰলগুন আৰু তিনিচুকীয়া-নাহৰলগুনৰ মাজত ভিষ্টাডোম ৰে’ল সেৱা।
১৯৩৪ চনত প্ৰতিভা পাটিল, প্ৰকৃত নাম প্ৰতিভা দেৱী সিং পাটিলৰ জন্ম। এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা, যি ২০০৭ চনৰ পৰা ২০১২ চনলৈ ভাৰতবৰ্ষৰ দ্বাদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।