শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…

আজি ১৬ ডিচেম্বৰ। বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…
manas-borah
Manas Borah | Published: 16 Dec 2025 09:42 AM

১৯৩৯ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী লেখক, কবি, ইতিহাসবিদ আৰু প্ৰশাসনিক বিষয়া আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু হয়। ভাঙনি কোঁৱৰ নামেৰে পৰিচিত আনন্দ চন্দ্ৰ আগৰৱালা ১৯৩৪ চনত মঙলদৈত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ব্ৰিটিছ চৰকাৰে তেওঁক ১৯১৬ চনত ৰায় চাহাব আৰু ১৯২১ চনত ৰায় বাহাদুৰ উপাধিৰে সন্মানিত কৰে।

১৮৭২ চনৰ আজিৰ দিনটোত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ তথা প্ৰত্নতাত্বিক কনকলাল বৰুৱাৰ জন্ম। ১৮৯৪ চনত বি এল উপাধি লৈ গুৱাহাটীত ওকালতি আৰম্ভ কৰিছিল কনকলাল বৰুৱাই। ইয়াৰ পাছত তেওঁ ১৯২৯ চনত ব্যৱস্থাপক সভাৰ সভ্য নিৰ্বাচিত হৈ স্বায়ত্ব শাসন বিভাগৰ মন্ত্ৰীত্ব পদ লাভ কৰে। সেই সময়ৰ ব্ৰিটিছ চৰকাৰে কামত সন্তুষ্ট হৈ কনকলাল বৰুৱাক ৰায় বাহাদুৰ উপাধি প্ৰদান কৰিছিল।

আজিৰ দিনটোতে নিৰ্ভয়া কাণ্ড সংঘটিত হৈছিল। ২০১২ চনৰ ১৬ ডিচেম্বৰত বন্ধুৰ উপস্থিতিত চলন্ত বাছত এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰি ৰাতি বাছৰ পৰা পেলাই দিয়া হৈছিল। পিছত চিকিৎসাৰ বাবে ছিংগাপুৰলৈ বিমানেৰে লৈ যোৱা যুৱতীগৰাকীৰ তাতেই মৃত্যু হয়। ২৩ বছৰীয়া যুৱতীগৰাকীৰ নাম “নিৰ্ভয়া” বুলি কোৱা হৈছিল আৰু তেওঁৰ ন্যায়ৰ দাবীয়ে দেশজোৰা আন্দোলনৰ সূচনা কৰিছিল।

এই গোচৰত মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মা, অক্ষয় কুমাৰ সিংকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল, ইয়াৰে এজন নাবালক। ইয়াৰে এজন অভিযুক্ত ৰাম সিঙে তিহাৰ কাৰাগাৰত বিচাৰ আৰম্ভ হোৱাৰ পিছতে চৰম সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন হয়। দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত অৱশেষত ২০২০ চনৰ ২০ মাৰ্চত এই গোচৰৰ চাৰিজন দোষীক ফাঁচী দিয়া হয়।

অন্যান্য ঘটনা পৰিঘটনা

১৯২০ চনত চীনৰ গানছু প্ৰদেশত হোৱা এক বৃহৎ ভূমিকম্পত এক লাখৰো অধিক লোকৰ মৃত্যু হয়।

১৯৫১ চনত হায়দৰাবাদত ছালাৰজং সংগ্ৰহালয় স্থাপন কৰা হয়।

১৯৬০ চনত আমেৰিকাৰ নিউয়ৰ্ক চহৰত দুখন বিমানৰ সংঘৰ্ষত ১৩৬ জন লোকৰ মৃত্যু হয়।

১৯৭১ চনত ভাৰত আৰু পাকিস্তানী সেনাবাহিনীৰ মাজত যুদ্ধবিৰতিৰ চুক্তি হোৱাৰ পিছত পাকিস্তানৰ পৰা পৃথক হৈ বাংলাদেশ স্বাধীন ৰাষ্ট্ৰলৈ পৰিণত হয়।

২০০৯ চনত চলচ্চিত্ৰ নিৰ্মাণক নতুন মাত্ৰালৈ লৈ গৈ জেমছ কেমেৰনে কল্পবিজ্ঞান ছবি “অৱতাৰ” নিৰ্মাণ কৰে। এই ছবিখনে বিশ্বজুৰি ২.৭ বিলিয়ন ডলাৰ উপাৰ্জন কৰে।

২০১৪ চনত তেহৰিক-ই-তালিবান পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে পেছাৱাৰৰ এখন বিদ্যালয়ত আক্ৰমণ চলায়। এই আক্ৰমণত ১৩৪টা শিশুকে ধৰি ১৫০ জন লোকৰ মৃত্যু হয়।