শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam Police Job: অৰ্হতা দশম উত্তীৰ্ণ! অসম আৰক্ষীত খালী ২৩৫০ টা পদ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Assam Police Job: অসম আৰক্ষীত ওলাইছে চাকৰি। শেহতীয়াকৈ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে কেইবাটাও পদৰ বাবে নিযুক্তি ঘোষণা কৰিছে। ইয়াৰ অধীনত ২ হাজাৰতকৈ অধিক পদ পূৰণ কৰা হ'ব।

Assam Police Job: অৰ্হতা দশম উত্তীৰ্ণ! অসম আৰক্ষীত খালী ২৩৫০ টা পদ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…
অসম আৰক্ষী
barasha-sarma
Barasha Sarma | Published: 16 Dec 2025 13:29 PM

অসম আৰক্ষী (Assam police) ক পুনৰ ওলাইছে চাকৰি। শেহতীয়াকৈ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড(SLPRB)য়ে ২৩৫০ টা পদৰ বাবে নিযুক্তি ঘোষণা কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত উপ পৰিদৰ্শক (Sub Inspector, AB), উপ পৰিদৰ্শক (UB), সহকাৰী জেইলৰ, কনিষ্টবল (UB), কনিষ্টবল (AB), চাফাই কৰ্মচাৰী, কনিষ্টবল চালক আদি। ইয়াৰ অধীনত অসম আৰক্ষী, অসম কমাণ্ডো বেটেলিয়ন, এফ এণ্ড ই এছ, ডি জি চি ডি এণ্ড চি জি এইচ জি, বন বিভাগ আৰু কাৰাগাৰ বিভাগত পদ পূৰণ কৰা হব। গতিকে ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে।

আবেদন প্ৰক্ৰিয়া আৰম্ভঃ ১৬ ডিচেম্বৰ, ২০২৫
আবেদন প্ৰক্ৰিয়া শেষঃ ১৬ জানুৱাৰী, ২০২৬

অনলাইন আবেদনঃ ক্লিক কৰক

পদৰ বিৱৰণ

পদৰ সংখ্যাঃ ২৩৫০ টকা।

অসম আৰক্ষী

  • কনিষ্টবল (UB)- ১০৫২
  • কনিষ্টবল (AB)- ৬৬৩
  • চালক কনিষ্টবল- ১২৭
  • চাফাই কৰ্মচাৰী- ৯৬
  • উপ পৰিদৰ্শক (UB)- ৪৮

অসম কমাণ্ডো বেটেলিয়ন

  • উপ পৰিদৰ্শক (AB)-৪৭
  • কনিষ্টবল(AB)- ৩
  • চাফাই কৰ্মচাৰী- ৩

এ পি আৰ অ’

  • কনিষ্টবল (মেনেজাৰ)-২০
  • কনিষ্টবল( (Dispatch Rider))- ১৪
  • উপ পৰিদৰ্শক (কমিউনিকেশ্যন)-৪
  • কনিষ্টবল (হেণ্ডিমেন)- ৩

অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা(F & ES)

  • চালক- ৯০
  • ষ্টেচন অফিচাৰ- ৬
  • স্কোৱাড কমাণ্ডৰ- ৫
  • চাফাই কৰ্মচাৰী- ৫
  • চালক অপাৰেটৰ- ৪

বন বিভাগ

  • চালক- ১০৬
  • চালক কনিষ্টবল- ৭
  • কাৰাগাৰ
  • সহকাৰী জেইলাৰ- ৩৯

DGCD & CGHG-

চাফাই কৰ্মী- ৮

দৰমহা

  • কনিষ্টবল (AB & UB), চালক কনিষ্টবল- ১৪,০০০ ৰ পৰা ৭০,০০০ টকা।
  • উপ পৰিদৰ্শক AB & UB)-১৪,০০০ৰ পৰা ৭০,০০০ টকালৈ
  • ষ্টেচন অফিচাৰ, স্কোৱাড কমাণ্ডৰ, সহকাৰী জেইলাৰ-১৪,০০০ৰ পৰা ৭০,০০০ টাকা।
  • কনিষ্টবল, চালক আৰু অন্যান্য- ১৪,০০০ৰ পৰা ৭০,০০০ টকালৈ।
  • চাফাই কৰ্মী- ১২,০০০ ৰ পৰা ৫২,০০০ টকালৈ।

অৰ্হতা

প্ৰতিটো পদৰ বাবে অৰ্হতা বেলেগ বেলেগ। এই অৰ্হতা মেট্ৰিকৰ পৰা আৰম্ভ কৰি স্নাতক পৰ্যায়লৈ। চাফাই কৰ্মচাৰীসকলৰ ন্যূনতম অৰ্হতা ষষ্ঠ শ্ৰেণী। ইয়াৰোপৰি বয়সৰ সীমাও নিৰ্ধাৰণ কৰা হৈছে। গতিকে অধিক জানিবলৈ এই ক্ষেত্ৰত অফিচিয়েল ৱেবচাইটত চাব পাৰে। ক্লিক কৰক

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি অসম আৰক্ষীৰ অফিচিয়েল ৱেবচাইটলৈ যাওক।
  • Important Web-Links ত ক্লিক কৰক।
  • Online Application Form ত ক্লিক কৰক আৰু পঞ্জীয়ন কৰক।
  • লগ ইন কৰক।
  • আবেদন সম্পূৰ্ণ কৰক।
  • চাবমিট কৰক।

 

অন্য খবৰ পঢ়কঃ স্নাতক উত্তীৰ্ণৰ বাবে গুৱাহাটীত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…