শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দশক দশক পিছত আমেৰিকা-কিউবাৰ কূটনৈতিক সম্পৰ্ক আৰম্ভ, চাওঁ দিনটোৰ ইতিহাস…

আজি ১৭ ডিচেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত কি কি ঘটিছিল পলকতে চাওঁ আহক।

দশক দশক পিছত আমেৰিকা-কিউবাৰ কূটনৈতিক সম্পৰ্ক আৰম্ভ, চাওঁ দিনটোৰ ইতিহাস…
manas-borah
Manas Borah | Published: 17 Dec 2025 07:00 AM

বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৭ ডিচেম্বৰটো দুটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ সৈতে ইতিহাসত লিপিবদ্ধ কৰা হৈছে। ২০১৪ চনৰ ১৭ ডিচেম্বৰত আমেৰিকা আৰু কিউবাই দশক দশক পিছত কূটনৈতিক সম্পৰ্ক পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ১৯৬১ চনৰ ৩ জানুৱাৰীত ফিডেল কাষ্ট্ৰোৱে বাটিষ্টা শাসনক উৎখাত কৰাৰ পিছত আমেৰিকাৰ কিউবাৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈছিল যদিও ২০১৪ চনৰ ১৭ ডিচেম্বৰত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু কিউবাৰ নেতা ৰাউল কাষ্ট্ৰোৱে কূটনৈতিক সম্পৰ্ক পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

১৭ ডিচেম্বৰত ইতিহাসত লিপিবদ্ধ হোৱা দ্বিতীয়টো ডাঙৰ পৰিঘটনা সংঘটিত হৈছিল ১৯০৩ চনত ৰাইট ভাতৃদ্বয়ে অৰভিল আৰু উইলবাৰে উত্তৰ কেৰ’লিনাত ৰাইট ফ্লাইয়াৰ সফলতাৰে উৰুৱাইছিল। তেওঁলোকৰ বিমানখনে ১২০ ফুট উচ্চতা লাভ কৰি ১২ ছেকেণ্ড সময় ধৰি চলিছিল।

অন্যান্য ঘটনা পৰিঘটনা

২০০২ চনত আইদেউ সন্দিকৈ মৃত্যু হয়। তেওঁ অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত জয়মতী(১৯৩৫) চলচ্চিত্ৰত অভিনয় কৰিছিল।

১৭১৮ চনত ফ্ৰান্স, ব্ৰিটেইন আৰু অষ্ট্ৰিয়াই স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৯০৩ চনত ৰাইট ভাতৃদ্বয়ে প্ৰথমখন বিমান “দ্য ফ্লাইয়াৰ” উৰুৱাইছিল।

১৯২৫ চনত ছোভিয়েট ইউনিয়ন আৰু তুৰস্কই ‘Non-Aggression’ চুক্তি স্বাক্ষৰ কৰে।

১৯২৮ চনত বিপ্লৱী ভগত সিং আৰু ৰাজগুৰুৱে ব্ৰিটিছ আৰক্ষী বিষয়া জন পি চণ্ডাৰছক গুলীয়াই হত্যা কৰে।

১৯৭০ চনত আমেৰিকাই নেভাদা পৰীক্ষণ স্থানত পাৰমাণৱিক পৰীক্ষা চলায়।

২০১১ চনত উত্তৰ কোৰিয়াৰ প্ৰাক্তন নেতা কিম জং ইলৰ মৃত্যু হয়।

২০১৪: আমেৰিকা আৰু কিউবাই দশক দশক ধৰি ভংগ হৈ থকা কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰৰ কথা ঘোষণা কৰে।