যাত্ৰাৰ প্ৰথম দিনাই ‘চুপাৰ হিট’ অসম-বংগ সংযোগী বন্দে ভাৰত শ্লিপাৰ, গঢ়িলে এনে অভিলেখ
যোৱা ১৭ জানুৱাৰীত মালদা ষ্টেচনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনৰ উদ্বোধন কৰিছিল। ৰেল বিভাগৰ তথ্য অনুসৰি, আজি অৰ্থাৎ ২২ জানুৱাৰীৰ পৰা এই ৰে'লখনে আনুষ্ঠানিকভাৱে যাত্ৰা আৰম্ভ কৰিছে।
ভাৰতীয় ৰে’লৰ আধুনিকীকৰণৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰি আৰম্ভণিৰে পৰাই যাত্ৰীৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনে। কামাখ্যা-হাওড়া পথত আৰম্ভ হোৱা এই নতুন ৰে’লখনে প্ৰথম দিনাই লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি। বুকিং মুকলি হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে কামাখ্যা-হাওড়া বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনৰ আটাইবোৰ টিকট বুকিং হৈ যায়। এয়া নিশ্চিতভাৱে ভাৰতীয় ৰে’ল বিভাগৰ বাবেও এক চমকপ্ৰদ সাফল্য হিচাপে পৰিগণিত হৈছে।
উদ্বোধন আৰু সময়সূচী
যোৱা ১৭ জানুৱাৰীত মালদা ষ্টেচনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনৰ উদ্বোধন কৰিছিল। ৰেল বিভাগৰ তথ্য অনুসৰি, আজি অৰ্থাৎ ২২ জানুৱাৰীৰ পৰা এই ৰে’লখনে আনুষ্ঠানিকভাৱে যাত্ৰা আৰম্ভ কৰিছে। আজি কামাখ্যাৰ পৰা হাওড়া অভিমুখে ট্ৰেইনখন ৰাওনা হ’ব আৰু কাইলৈ ২৩ জানুৱাৰীৰ পৰা হাওড়াৰ পৰাও এই সেৱা নিয়মীয়াকৈ উপলব্ধ হ’ব।
টিকট বুকিঙৰ অভিলেখ
যোৱা ১৯ জানুৱাৰীৰ পৰা এই ট্ৰেইনখনৰ বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অনলাইন আৰু অফলাইন— দুয়োটা মাধ্যমতে যাত্ৰীসকলে এনে সঁহাৰি জনায় যে ২৪ ঘণ্টা নৌহওঁতেই ৩-এচি (3AC), ২-এচি (2AC) আৰু ১-এচি (1AC) সকলো শ্ৰেণীৰ টিকট সম্পূৰ্ণৰূপে বিক্ৰী হৈ যায়।
অসম আৰু বংগৰ মাজত দ্ৰুত সংযোগ
এই নতুন শ্লিপাৰ ট্ৰেইনৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ সৈতে পশ্চিম বংগৰ সংযোগ অধিক মজবুত হ’ব। বুধবাৰৰ বাহিৰে সপ্তাহৰ প্ৰতিটো দিনেই এই ট্ৰেইনখন চলিব। উল্লেখযোগ্য যে হাওড়াৰ পৰা মাত্ৰ ১৪ ঘণ্টাতে অসমত উপস্থিত হ’ব পাৰিব যাত্ৰীসকল।
এইদৰে বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনেই বৰ্তমান এই পথৰ আটাইতকৈ দ্ৰুতগামী ট্ৰেইন। যাত্ৰাপথত এই বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনখন মালদা টাউন, নিউ জলপাইগুড়ি, নিউ কোচবিহাৰ আৰু নিউ আলিপুৰদুৱাৰ ষ্টেচনত ৰখাব, যাৰ ফলত উত্তৰ বংগৰ যাত্ৰীসকলো যথেষ্ট উপকৃত হ’ব।
অত্যাধুনিক সুবিধা আৰু সুৰক্ষা
১৬টা কোচযুক্ত এই ট্ৰেইনখনত একেলগে ৮২৩ জন যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব। প্ৰতিঘণ্টাত ১৬০ কিলোমিটৰ বেগত চলিব পৰা এই ট্ৰেইনখনত সুৰক্ষাৰ বাবে অত্যাধুনিক ‘কবচ’ (Kavach) চিষ্টেম লগোৱা হৈছে। ইয়াৰ উপৰিও চিচিটিভি কেমেৰা, বায়’-ভেকুৱাম টয়লেট, ৰিডিং লাইট আৰু টক-বেক চিষ্টেমৰ দৰে বিশ্বমানৰ সুবিধাসমূহ এই ট্ৰেইনখনত উপলব্ধ।