শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাত মুকলি কৰিছে এলিভেটেড ক'ৰিডৰ। পিছে এই ক'ৰিডৰৰ বিৰোধিতা কৰিছে সাংসদ গৌৰৱ গগৈয়ে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত গগৈয়ে কয় যে, ''হিমন্ত বিশ্ব শৰ্মাক অলপ পকেটমানি লাগে ঠিকাদাৰৰ পৰা। যাৰ বাবে এলিভেটেড ক'ৰিডৰ নিৰ্মাণ কৰি আছে''। উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মাইও কলিয়াবৰৰ পৰা গৌৰৱ গগৈক কটাক্ষ কৰি মন্তব্য কৰিছিল। তেওঁ কৈছিল যে, পাকিস্তানী এজেন্টৰ আগত অসমে শিৰনত নকৰে।