আজিৰে পৰা আৰম্ভ জোনবিল মেলা, বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ
মেলাৰ প্ৰথম দিনটোতেই উখল-মাখল পৰিৱেশে বিৰাজ কৰে। পুৱা ৬ বজাত জাগীৰোডৰ ঐতিহাসিক চাৰিভাই দেওশাল শিৱ মন্দিৰত পূজা-অৰ্চনাৰ জৰিয়তে মেলাৰ প্ৰথমটো মাংগলিক কাৰ্য সম্পাদন কৰে। তাৰ পাছতে জোনবিল মেলাৰ পতাকা উত্তোলনেৰে মূল কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়।
বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা। জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে গোভা দেউৰজাৰ ঐতিহাসিক জোনবিল মেলা। আধুনিক মুদ্ৰাক অচল কৰি বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিছে জোনবিলৰ পাৰ ৷
মেলাৰ প্ৰথম দিনটোতেই উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱা ৬ বজাত জাগীৰোডৰ ঐতিহাসিক চাৰিভাই দেওশাল শিৱ মন্দিৰত পূজা-অৰ্চনাৰ জৰিয়তে মেলাৰ প্ৰথমটো মাংগলিক কাৰ্য সম্পাদন কৰে। তাৰ পাছতে জোনবিল মেলাৰ পতাকা উত্তোলনেৰে মূল কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। মেলা স্থলীত বন্তি প্ৰজ্বলন কৰি ঐতিহাসিক গোভা ৰজা দ্বীপসিং দেউৰজাই সকলো ৰাইজক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ জানিবলৈ দিয়া মতে, কাইলৈ অৰ্থাৎ মেলাৰ দ্বিতীয় দিনা অনুষ্ঠিত হ’ব জোনবিল মেলাৰ আটাইতকৈ আকৰ্ষণীয় তথা বিশ্বৰ ভিতৰতে অন্যতম ঐতিহাসিক বিনিময় প্ৰথা (Barter System)। এই প্ৰথা অনুসৰি পাহাৰৰ পৰা নামি অহা মামা-মামী সকলে নিজৰ উৎপাদিত সামগ্ৰী যেনে— কচু, হালধি, আদা, জলকীয়া, ধূনা, বিভিন্ন ঔষধি গছ আদিৰ বিনিময়ত ভৈয়ামৰ লোকসকলৰ পৰা পিঠাপনা, জলপান, সান্দহ ,লাৰু -মুৰি, খাৰ আদি বিনিময় কৰিব।
২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ ২২,২৩ আৰু ২৪ তাৰিখে তিনিদিনীয়া পৰম্পৰাগত কাৰ্যসূচীৰে তিৱা সাংস্কতিক প্রাণকেন্দ্র, পাহাৰ-ভৈয়াম মিলনৰ ক্ষেত্ৰ আৰু বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ প্রতীক ‘জোনবিল মেলা’ অনুষ্ঠিত কৰা হৈছে। দ্বিতীয় দিনটোত সমান্তৰালকৈ জোনবিলত চলিব কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ পৰ্ব ৷ সেইদিনাই মেলাথলীত অনুষ্ঠিত হ’বলগীয়া ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক ৷ ৰাজদৰবাৰত মধ্য অসমৰ ২২ গৰাকীকৈ তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তৃতীয় অৰ্থাৎ অন্তিম দিনা অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্বৰ পিছতে ৰজাৰ নিৰ্দেশমৰ্মে মেলাথলীত প্ৰতীকি ৰূপত কৰ সংগ্ৰহ কৰিব ৰজাৰ বা-বিষয়াই ৷ তাৰ পিছতে সামৰণি পৰিব ইতিহাস প্ৰসিদ্ধ গোভা দেওৰজাৰ জোনবিল মেলাৰ ৷
জোনবিল মেলাৰ আৰম্ভণি কোনে, কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও তাহানিৰ গোভা ৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হোৱা বুলি পণ্ডিত-গৱেষকসকলে মত পোষণ কৰিছে। গোভা ৰজা হৈছে এই মেলাৰ জন্মদাতা।