শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পৰম্পৰাগত ৰীতি-নীতিৰে মৰিগাঁৱৰ জোনবিলৰ পাৰত তিনিদিনীয়াকৈ আৰম্ভ জোনবিল মেলা

পৰম্পৰাগত ৰীতি-নীতিৰে মৰিগাঁৱৰ জোনবিলৰ পাৰত তিনিদিনীয়াকৈ আৰম্ভ জোনবিল মেলা

Barasha Misra
Barasha Misra | Updated On: 22 Jan 2026 18:40 PM

এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই হৈছে জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়।

তিনিদিনীয়াকৈ আৰম্ভ জোনবিল মেলা। গোভা দেওঁৰজাৰ শাসনকালৰে পৰা চলি অহা পৰম্পৰাগত এখন মেলা ৷ মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন বিল হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই হৈছে জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়।

পাহাৰ ভৈয়ামৰ অতিথিসকলৰ বাবে মেলাথলিৰ সৌন্ধর্য বর্ধনৰ লগতে বিভিন্ন সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। ২০২৬ বৰ্ষত জোনবিল পাৰত ২২ জানুৱাৰীৰ পৰা পৰম্পৰাগত কাৰ্যসূচীৰে ‘জোনবিল মেলা’ৰ অনুষ্ঠিত কৰা হৈছে। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…