শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শুল্ক বাতিল! গ্ৰীণলেণ্ড নিয়ন্ত্ৰণক লৈ ট্ৰাম্পৰ নতুন সিদ্ধান্ত...

শুল্ক বাতিল! গ্ৰীণলেণ্ড নিয়ন্ত্ৰণক লৈ ট্ৰাম্পৰ নতুন সিদ্ধান্ত…

Trishna Kalita
Trishna Kalita | Published: 22 Jan 2026 19:33 PM

ট্ৰাম্পে নিজেই কয় যে, তেওঁলোকে NATOৰ সৈতে গ্ৰীণলেণ্ডৰ বিষয়ে আলোচনা কৰিছে। নাটোৱে আৰ্কটিক নিৰাপত্তাৰ ক্ষেত্ৰত ভৱিষ্যতে চুক্তিৰ কাঠামো তৈয়াৰ কৰিবলৈ সন্মত হয়। যাৰ বাবে তেওঁ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত সলনি কৰিলে।

গ্ৰীণলেণ্ডৰ ওপৰত নিয়ন্ত্ৰণৰ দাবীৰ সিদ্ধান্তৰ পৰা এতিয়া পিছুৱাই আহিছে ট্ৰাম্প। বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ঘোষণা কৰে যে, তেওঁ ইউৰোপৰ সেইবোৰ ‘বন্ধুত্বপূৰ্ণ দেশ’ৰ ওপৰত শুল্ক আৰোপ কৰাৰ পৰিকল্পনা বাতিল কৰিছে, যিবোৰে আমেৰিকাই গ্ৰীণলেণ্ড নিয়ন্ত্ৰণ কৰাৰ দাবীক সমৰ্থন নকৰাৰ বাবে শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল। কিন্তু হঠাৎ কিয় সলনি কৰিলে সিদ্ধান্ত ?

ট্ৰাম্পে নিজেই কয় যে, তেওঁলোকে NATOৰ সৈতে গ্ৰীণলেণ্ডৰ বিষয়ে আলোচনা কৰিছে। নাটোৱে আৰ্কটিক নিৰাপত্তাৰ ক্ষেত্ৰত ভৱিষ্যতে চুক্তিৰ কাঠামো তৈয়াৰ কৰিবলৈ সন্মত হয়। যাৰ বাবে তেওঁ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত সলনি কৰিলে। প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে ট্ৰাম্পে গ্ৰীণলেণ্ড ওপৰত নিয়ন্ত্ৰণৰ দাবী কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, তেওঁ গ্ৰীণলেণ্ড কিনিব বিচাৰে। দ্বীপটোৰ নাম, মালিকীস্বত্ব, অধিকাৰৰ পৰা আৰম্ভ কৰি – সকলো আমেৰিকান হ’ব ৷