শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বেংকৰ জৰুৰী কাম আছে যদি কাইলৈকে কৰক সমাপন, অন্যথা পৰৱৰ্তী ৫ দিনলৈ ভুগিব লাগিব আপুনি

সকলো ব্যস্ততা একাষৰীয়া কৰি হ’লেও কাইলৈ আপুনি বেংকত যদি কোনো জৰুৰী কাম বাকী আছে, সেই কাম সমাপন কৰিব লাগিব। অন্যথা আপুনি সন্মুখীন হ’ব লাগিব যথেষ্ট সমস্যাৰ। কাইলৈৰ ভিতৰতে যদি বেংকৰ কাম কৰি নলয়, আপুনি ইয়াৰ বাবে দীৰ্ঘসময় অপেক্ষা কৰিবলগীয়া হ’ব পাৰে।

বেংকৰ জৰুৰী কাম আছে যদি কাইলৈকে কৰক সমাপন, অন্যথা পৰৱৰ্তী ৫ দিনলৈ ভুগিব লাগিব আপুনি
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Deepak Sethi/E +/Getty Images
Monjit Dutta
Monjit Dutta | Published: 22 Jan 2026 19:37 PM

কাইলৈ সৰস্বতী পূজা। হয়তো কাইলৈ আপুনিও এই উপলক্ষে ব্যস্ত থাকিব। পিছে সকলো ব্যস্ততা একাষৰীয়া কৰি হ’লেও কাইলৈ আপুনি বেংকত যদি কোনো জৰুৰী কাম বাকী আছে, সেই কাম সমাপন কৰিব লাগিব। অন্যথা আপুনি সন্মুখীন হ’ব লাগিব যথেষ্ট সমস্যাৰ। কাইলৈৰ ভিতৰতে যদি বেংকৰ কাম কৰি নলয়, আপুনি ইয়াৰ বাবে দীৰ্ঘসময় অপেক্ষা কৰিবলগীয়া হ’ব পাৰে। কিয়নো চলিত মাহৰ আগন্তুক কেইটামান দিনত বেংক সেৱা ব্যাহত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

আগন্তুক বন্ধৰ তালিকা আৰু ধৰ্মঘট

অহা ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈকে বেংকৰ কাম-কাজত ব্যাপক প্ৰভাৱ পৰিব। ২৪ জানুৱাৰীত মাহৰ চতুৰ্থ শনিবাৰ হোৱাৰ বাবে নিয়মীয়া বন্ধ থাকিব। একেদৰে ২৫ জানুৱাৰী দেওবাৰ হোৱাৰ বাবে সাপ্তাহিক বন্ধ হ’ব। ইফালে ২৬ জানুৱাৰী অৰ্থাৎ সোমবাৰে গণৰাজ্য দিৱস উপলক্ষে বন্ধ থাকিব বেংক।

আনহাতে ২৭ জানুৱাৰী, মঙলবাৰে বেংক কৰ্মচাৰীসকলে এক সৰ্বভাৰতীয় ধৰ্মঘটৰ আহ্বান জনাইছে। ইয়াৰ ফলত সেইদিনাও বেংকৰ লেনদেন আৰু অন্যান্য সেৱা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত এই দিনটোৰ বাবে অপেক্ষা কৰাৰ পৰিৱৰ্তে কাইলৈ বেংকৰ জৰুৰী কাম সম্পাদন কৰাই উচিত হ’ব।

বেংক কৰ্মচাৰীয়ে কিয় ধৰ্মঘট কৰিছে?

বেংক ইউনিয়নসমূহৰ দীৰ্ঘদিনীয়া দাবী হ’ল— সপ্তাহত পাঁচ দিনীয়া কৰ্মদিন প্ৰৱৰ্তন কৰা। তেওঁলোকৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ অধিকাংশ বিভাগৰ লগতে ৰিজাৰ্ভ বেংক (RBI), এল আই চি (LIC) আৰু ষ্টক মাৰ্কেটত সপ্তাহত দুদিনকৈ ছুটিৰ ব্যৱস্থা আছে। বেংক কৰ্মচাৰীসকলেও সাপ্তাহিক ছুটিৰ ক্ষেত্ৰত এনে নিয়মৰ দাবী কৰিছে।

অৱশ্যে এই ধৰ্মঘটৰ বাবে যাতে গ্ৰাহকসকল চূড়ান্ত অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে ‘ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়ন’-এ এক বিকল্প প্ৰস্তাৱো দিছে। তেওঁলোকে জনাইছে যে যদিহে সপ্তাহত পাঁচ দিনীয়া কৰ্মদিনৰ দাবী মানি লোৱা হয়, তেন্তে তেওঁলোকে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ প্ৰতিদিনে অতিৰিক্ত ৪০ মিনিটকৈ কাম কৰিবলৈ সাজু।

যিহেতু শনিবাৰৰ পৰা মঙলবাৰলৈ বেংক সেৱা সহজলভ্য নহ’ব পাৰে, সেয়েহে যিকোনো ধৰণৰ লেনদেন, ড্ৰাফ্ট বনোৱা বা জৰুৰী কাগজ-পত্ৰৰ কামৰ বাবে অহা সপ্তাহলৈ অপেক্ষা নকৰি কাইলৈৰ ভিতৰতে বেংকলৈ গৈ নিজৰ কামখিনি কৰি লোৱাটোৱেই আটাইতকৈ বুদ্ধিমানৰ কাম হ’ব।