আজি মাঘ বিহুৰ উৰুকা। ইয়াকে লৈ সকলোৱে কৰি আছে নিজা নিজা প্ৰস্তুতি। বজাৰ ভৰি পৰিছে বিভিন্ন প্ৰকাৰৰ মাছ, শাক-পাচলিৰে। পুৱাৰ পৰা বজাৰত গ্ৰাহকৰ ভিৰ দেখা গৈছে। বিভিন্নজনে লৈছে ডাঙৰ ডাঙৰ মাছ। মুঠতে সকলোৱে সাধ্য অনুসৰি কৰিছে উৰুকাৰ বজাৰ। নিশা উৰুকাৰ প্ৰীতি ভোজ খোৱাৰ পাছতে কাইলৈ অসমীয়া মেজি পুৱাব।