শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কোকৰাঝাৰৰ পৰিস্থিতিৰ পৰা ভাৰত-নিউজীলেণ্ড টি-২০লৈ, দিনটোৰ শীৰ্ষ খবৰ

কোকৰাঝাৰৰ পৰিস্থিতিৰ পৰা ভাৰত-নিউজীলেণ্ড টি-২০লৈ, দিনটোৰ শীৰ্ষ খবৰ

Monjit Dutta
Monjit Dutta | Updated On: 21 Jan 2026 23:02 PM

জুবিন গাৰ্গক লৈ কৰা মন্তব্যৰ বাবে বিতৰ্কিত শিখা শৰ্মাক আজি আদালতত হাজিৰ কৰোৱা হয়। মুকালমুৱাত বন্ধুৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে কাৰ্বি আংলঙত কুঁৱা খান্দিবলৈ গৈ তিনিজন শ্ৰমিকে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে।

শেহতীয়া উত্তপ্ত পৰিস্থিতিৰ পিছত সম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে কোকৰাঝাৰ। অৱশ্যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও জিলাখনত সেনাৰ তহল চলাই আছে। এছ আৰ (SR) প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি বঙাইগাঁও আৰু বিলাসীপাৰাত আমছু আৰু যুৱ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে, জুবিন গাৰ্গক লৈ কৰা মন্তব্যৰ বাবে বিতৰ্কিত শিখা শৰ্মাক আজি আদালতত হাজিৰ কৰোৱা হয়। মুকালমুৱাত বন্ধুৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে কাৰ্বি আংলঙত কুঁৱা খান্দিবলৈ গৈ তিনিজন শ্ৰমিকে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে।

ইফালে, খেৰণিৰ পিজিআৰ ভূমিৰ পৰা আৰক্ষী চকীসহ ১১টা কাৰ্যালয় আঁতৰাবলৈ পৰিষদে নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, গণৰাজ্য দিৱসৰ পূৰ্বে সন্ত্ৰাসবাদীৰ ‘২৬-২৬’ ষড়যন্ত্ৰৰ তথ্য পোহৰলৈ অহাত দেশজুৰি হাই-এলাৰ্ট জাৰী কৰা হৈছে। ক্ৰীড়া জগতত, আজি নাগপুৰত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত টি-২০ শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হয়।