কৃষিৰ পৰা স্বাস্থ্যলৈ, কিদৰে সকলো দিশতে পতঞ্জলিয়ে বুলিছে উত্তৰণৰ পথ!
পতঞ্জলিয়ে প্ৰাৰম্ভিক পৰ্যায়ত আয়ুৰ্বেদিক সামগ্ৰীৰ জৰিয়তে বজাৰত স্থান দখল কৰিছিল। লাহে লাহে প্ৰতিষ্ঠানটোৱে আধুনিক বিপণনৰ সৈতে পৰম্পৰাগত শৈলীৰ সংমিশ্ৰণ ঘটাই FMCG খণ্ডত এক সুকীয়া পৰিচয় গঢ়ি তোলে। এতিয়া পতঞ্জলি কেৱল FMCGৰ সামগ্ৰীতে সীমাবদ্ধ হৈ থকা নাই। বৰ্তমান সময়ত এই প্ৰতিষ্ঠানটোৱে মানৱ জীৱনৰ সৈতে সংপৃক্ত প্ৰায় প্ৰতিটো দিশ স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছে ।

দেশত যেতিয়াই স্বদেশী সামগ্ৰী আৰু আয়ুৰ্বেদৰ বিষয়ে চৰ্চা হয়, তেতিয়াই প্ৰথমে উচ্চাৰিত হয় বাবা ৰামদেৱৰ পতঞ্জলিৰ নাম। এসময়ত নিত্য ব্যৱহাৰ্য কিছুমান সামগ্ৰী নিৰ্মাণৰ পৰা আৰম্ভ হোৱা পতঞ্জলিৰ যাত্ৰা এতিয়া প্ৰায় সকলো দিশতে ব্যাপ্ত হৈ পৰিছে। এতিয়া পতঞ্জলি কেৱল টুথপেষ্ট, চেম্পু আৰু আটা আদি FMCGৰ সামগ্ৰীতে সীমাবদ্ধ হৈ থকা নাই। বৰ্তমান সময়ত এই প্ৰতিষ্ঠানটোৱে মানৱ জীৱনৰ সৈতে সংপৃক্ত প্ৰায় প্ৰতিটো দিশ- সেয়া শিক্ষাই হওক বা স্বাস্থ্যই হওক, কৃষি বা পৰিৱেশেই হওক, স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছে ।
পতঞ্জলিয়ে প্ৰাৰম্ভিক পৰ্যায়ত আয়ুৰ্বেদিক সামগ্ৰীৰ জৰিয়তে বজাৰত স্থান দখল কৰিছিল। লাহে লাহে প্ৰতিষ্ঠানটোৱে আধুনিক বিপণনৰ সৈতে পৰম্পৰাগত শৈলীৰ সংমিশ্ৰণ ঘটাই FMCG খণ্ডত এক সুকীয়া পৰিচয় গঢ়ি তোলে। কিন্তু এতিয়া কোম্পানীটোৰ দৃষ্টি কেৱল লাভৰ ওপৰতে নিৰ্ধাৰিত নহয়, সমাজৰ প্ৰতিটো শ্ৰেণীক লাভৱান কৰাৰ ওপৰতো কোম্পানীটোৱে গুৰুত্ব আৰোপ কৰিছে।
শিক্ষা আৰু সংস্কৃতিৰ সংগম
পতঞ্জলি যোগপীঠ আৰু ইয়াৰ লগত জড়িত শিক্ষানুষ্ঠানসমূহত আধুনিক বিজ্ঞান আৰু পৰম্পৰাগত ভাৰতীয় ধ্যান-ধাৰণা সম্পৰ্কে একেলগে শিক্ষাদান কৰা হয়। এই দিশত পতঞ্জলি গুৰুকুল, পতঞ্জলি বিশ্ববিদ্যালয় আৰু বেদ-পাঠশালাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। এই শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীসকলক কেৱল ডিগ্ৰীয়েই নহয়, সংস্কৃতি, মূল্যবোধ আৰু সেৱাবোধো প্ৰদান কৰা হৈছে।
আয়ুৰ্বেদিক স্বাস্থ্য ব্যৱস্থাৰ সম্প্ৰসাৰণ
পতঞ্জলি আয়ুৰ্বেদিক চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰসমূহে সমগ্ৰ দেশতে কেৱল ৰোগীৰ চিকিৎসা কৰাই নহয়, আধুনিক বিজ্ঞান আৰু আয়ুৰ্বেদৰ মাজত সেতু হিচাপেও কাম কৰি আছে। ইয়াত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ লগতে নতুন গৱেষণাৰো প্ৰসাৰ তথা প্ৰচাৰ কৰা হৈছে।
কৃষকৰ বাবে পৰিৱৰ্তনৰ পথ
পতঞ্জলিয়ে কৃষিৰ ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতিক উৎসাহিত কৰিছে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে কৃষকসকলক ৰাসায়নিক মুক্ত খেতিৰ প্ৰশিক্ষণ দিয়া, জৈৱিক সাৰ আৰু বীজ যোগান ধৰা, বজাৰত প্ৰৱেশ কৰাত সহায় কৰা। ইয়াৰ ফলত লাখ লাখ কৃষকৰ আয়ৰ উন্নতি হৈছে বুলি কোম্পানীটোৱে দাবী কৰিছে।
পৰিৱেশ আৰু স্বাৱলম্বী ভাৰতৰ প্ৰতি
পতঞ্জলিয়ে নিজৰ কাৰ্যপ্ৰণালীত বহনক্ষমতা আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰে। লগতে স্বদেশী আন্দোলনক প্ৰচাৰৰ বাবে মেক ইন ইণ্ডিয়া দৃষ্টিভংগীৰ অধীনত স্থানীয় উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
এইদৰে পতঞ্জলি এতিয়া কেৱল FMCG ব্ৰেণ্ড নহয়, বৰঞ্চ এতিয়া ই এক আদৰ্শগত আন্দোলনৰ ৰূপ লৈছে। প্ৰতিষ্ঠানটোৰ লক্ষ্য কেৱল ভাৰতীয় বজাৰত নিজৰ দখল শক্তিশালী কৰাই নহয়, প্ৰতিজন ভাৰতীয়ৰ জীৱন উন্নত কৰা। স্বাস্থ্য, শিক্ষা, কৰ্মসংস্থাপন, কৃষি আৰু পৰিৱেশ আদি ক্ষেত্ৰত ইয়াৰ সক্ৰিয় অংশগ্ৰহণে প্ৰমাণ কৰে যে পতঞ্জলি এতিয়া ব্যৱসায় নহয় বৰঞ্চ ই হৈ পৰিছে এক অভিযান।