শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চীনৰ জালত আৱদ্ধ ভাৰত! এই সিদ্ধান্তৰ বাবে চাকৰি হেৰুৱাব পাৰে হাজাৰ হাজাৰ ভাৰতীয়ই…

চাকৰি হেৰুৱাব বাৰে হাজাৰ হাজাৰ ভাৰতীয়ই। যোৱা এপ্ৰিল মাহত চীনে টাৰ্বিয়াম আৰু ডিছপ্ৰ’ছিয়ামৰ দৰে আপুৰুগীয়া  সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত কঠোৰ নিষিদ্ধতা আৰোপ কৰিছিল।যাৰ বাবে সংকটত ভাৰতীয়।

চীনৰ জালত আৱদ্ধ ভাৰত! এই সিদ্ধান্তৰ বাবে চাকৰি হেৰুৱাব পাৰে হাজাৰ হাজাৰ ভাৰতীয়ই…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 22 Jun 2025 21:22 PM

সংকটত আছে ২১,০০০তকৈ অধিক চাকৰি। চীনৰ এক কাণ্ডৰ বাবে সংকটত পৰাৰ দিশে ভাৰতীয়। ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগ সংস্থা এলচিনা (alsina)ই অনুমান কৰিছে যে চীনে ৰেয়াৰ আৰ্থ মেগনেটৰ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে দেশৰ অডিঅ’ ইলেক্ট্ৰনিকছ খণ্ডত ২১ হাজাৰৰো অধিক চাকৰি যোৱাৰ সম্ভাৱনা আছে। কোম্পানীটোৱে এই ক্ষেত্ৰত চৰকাৰকো সচেতন কৰাৰ চেষ্টা কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা এপ্ৰিল মাহত চীনে টাৰ্বিয়াম আৰু ডিছপ্ৰ’ছিয়ামৰ দৰে আপুৰুগীয়া  সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত কঠোৰ নিষিদ্ধতা আৰোপ কৰিছিল। এই সামগ্ৰীসমূহ স্পীকাৰ আৰু ইলেক্ট্ৰনিকছত ব্যৱহৃত অন্যান্য সামগ্ৰীৰ বাবে অপৰিহাৰ্য কেঁচামাল। এই সামগ্ৰীসমূহৰ পৰাই ভাল মানৰ চুম্বক তৈয়াৰ কৰা হয়।

দেশৰ সবাতোকৈ পুৰণি ইলেক্ট্ৰনিকছ উদ্যোগ সংস্থাটোৱে কয় যে এই পদক্ষেপে বিশ্বৰ যোগান শৃংখলত বেয়াকৈ প্ৰভাৱিত কৰিছে। ইয়াৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে। এনে ক্ষেত্ৰত ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা অডিঅ’ ইলেক্ট্ৰনিকছ খণ্ড বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। এনেবোৰ কাৰণতে উৎপাদন কোম্পানীসমূহে চীনৰ পৰা সম্পূৰ্ণভাৱে নিৰ্মিত স্পীকাৰ মডিউল আমদানি কৰাৰ কথা চিন্তা কৰিছে।

কোম্পানীটোৱে এই কথা সকীয়াই দিছে যে ইয়াৰ ফলত দেশত স্পীকাৰ আৰু অডিঅ’ চিষ্টেমৰ অংশ নিৰ্মাণ উদ্যোগত বেয়া প্ৰভাৱ পৰিব। এই কাম বিশেষকৈ নয়ডা আৰু দক্ষিণ ভাৰতৰ বহু অঞ্চলত হয়। যদি পৰিস্থিতি ঠিক নহয়, তেন্তে এই খণ্ডত ৫,০০০ৰ পৰা ৬,০০০ য়ে প্ৰত্যক্ষ চাকৰি আৰু ১৫,০০০ পৰোক্ষ চাকৰি হেৰুৱাব পাৰে।

কোম্পানীটোৱে এক প্ৰতিবেদনত উল্লেখ কৰিছে যে, স্পীকাৰ নিৰ্মাণত ব্যৱহৃত ৰেয়াৰ আৰ্থ মেগনেট (NDFEB) অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ সৰু কিন্তু শক্তিশালী স্পীকাৰত ইয়াক ব্যৱহাৰ কৰা হয়। এটা স্পীকাৰত এই চুম্বকবোৰৰ অংশ প্ৰায় ৫-৭%। ভাৰতে এই চুম্বকসমূহ প্ৰায় সম্পূৰ্ণৰূপে আমদানি কৰিব লাগে আৰু ইয়াৰে ৯০ শতাংশতকৈ অধিক চীনৰ পৰা আহে। শেহতীয়াকৈ চীনে ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে এইসমূহ বস্ত ব্যয়বহুল হৈ পৰিছে।

ইয়াৰ বাহিৰে জাপান, আমেৰিকা আৰু ইউৰোপীয় দেশৰ পৰা এই সামগ্ৰী আমদানি কৰিছে অধিক ব্যয়বহুল হৈ পৰে। ইয়াৰোপৰি এই দেশসমূহৰ পৰা যোগানো ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা পূৰণৰ বাবে যথেষ্ট নহয়। টিভি নিৰ্মাণ কোম্পানী ভিডিঅ’টেক্সেও এই আপুৰুগীয়া চুম্বক বিশেষতৈ টিভি স্পীকাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কৈছে। গতিকে চীনৰ শেহতীয়া সিদ্ধান্তই ভাৰতৰ বহু ক্ষেত্ৰত প্ৰভাৱিত কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে বিপদত ভাৰত! বৃদ্ধি পাব বস্তুৰ মূল্য, অভাৱ হ’ব তেলৰ আৰু…